Pinterest
Pinterest

মিছামাৰীঃ এগৰাকী বোৱাৰীৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শোনিতপুৰ জিলাৰ মিছামাৰীত৷ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰিকামাৰী গাঁৱৰ দীপক উৰাঙে শান্তা তাঁতী উৰাঙৰ সৈতে তিনিমাহ পূৰ্বে প্ৰেম সুত্ৰে বিবাহপাশত আবদ্ধ হৈছিল৷

শ্ৰমিক দীপক উৰাঙে মিছামাৰী অঞ্চলত শ্ৰমিক হিচাপে কাম কৰে৷ শনিবাৰে পতী-পত্নীৰ মাজত সাধাৰন কথাক লৈ কাজিয়াৰ সুত্ৰপাত হয়। শনিবাৰে পুৱা বাক বিতণ্ডাৰ পিছত স্বামী দীপক কাম কৰিবলৈ ওলাই যায়৷ অইন দিনাৰ দৰেই সন্ধিয়া ঘৰলৈ আহি দুয়োজনে নিশাৰ আহাৰ গ্ৰহন কৰি শুই পৰে।

পুৱাই দীপক সাৰ পাই দেখে যে পত্নী শান্তাই চীপ লৈ আত্মহত্যা ওলমি আছে। লগে লগে ঘৰ খনত হুৱাদুৱা লাগে৷ ইপিনে স্বামীৰ সৈতে হোৱা বাক-বিতণ্ডাৰ বাবে নে অন্যকাৰনত শান্তাই আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত৷

মিছামৰাী থানাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ শান্তাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শান্তা উৰাঙৰ স্বামী দীপকে সাংবাদিকক জানিবলৈ দিয়া মতে তেঁওলোকৰ মাজত কোনো ধৰনৰ সংঘাত নাছিল যদিও দীপকে কামলৈ ওলাই যোৱাৰ সময়তে দুয়োজনৰ মাজত বাক-বিতণ্ডা হৈছিল৷