ANI

ডিজিটেল ডেস্কঃ ১৭ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত হিমাচল প্ৰদেশৰ চোলান জিলাৰ ১৩ খন অবৈধ হোটেল এটা প্ৰশাসনিক বিষয়াৰ দলে উচ্ছেদ কৰিবলৈ যোৱাৰ সময়তে হোটেলৰ মালিকে কৰা গুলিচালনাত এগৰাকী চৰকাৰী মহিলা প্ৰশাসনিক বিষয়াৰ মৃত্যু ঘটে৷ আনহাতে হোটেলৰ মালিকৰ নিৰ্বিচাৰ গুলিচালনাত এগৰাকী লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীও গুৰুত্বৰভাৱে আহত হয়৷ ইয়াৰ পাছতেই উচ্চতম ন্যায়ালয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে৷

ইফালে উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত হিমাচল প্ৰদেশৰ চৰকাৰ আৰু প্ৰশাসনৰ নিষ্কৰ্মতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ আদালতে কয়, ‘আপোনালোকে যদি এনেকৈয়ে মানুহ হত্যা কৰাৰ অনুমতি প্ৰদান কৰে, তেন্তে আমি নিৰ্দেশ দিবলৈকে বন্ধ কৰি দিম৷’ ইফালে এগৰাকী মহিলা প্ৰশাসনিক বিষয়াৰ সুৰক্ষাৰ নামত চৰকাৰখনে কি কৰিছিল আৰু হোটেলৰ মালিকে গুলিচালনা কৰি পলাই যোৱাৰ সময়ত প্ৰশাসনে কিয় অপৰাধীজনক ধৰিব নোৱাৰিলে বুলিও আদালতে চৰকাৰ তথা প্ৰশাসনৰ পৰা উত্তৰ বিচাৰে৷ 

আনহাতে উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত হিমাচল ৰাজ্য প্ৰশাসনে কয় যে চোলান জিলাৰ ১৩ খন অবৈধ হোটেলৰ উচ্ছেদ অভিযান চলাবলৈ যোৱা প্ৰশাসনিক দলটোৰ নেতৃত্বত আছিল মহিলা প্ৰশাসনিক বিষয়াগৰাকী৷ হোটেলৰ মালিক পক্ষই আকস্মিকভাৱে উপস্থিত হোৱা প্ৰশাসনিক দলটোক ভিতীগ্ৰস্থ কৰিবলৈ গুলিচালনা কৰিছিল যদিও দূৰ্ভাগ্যবশতঃ গুলিবিদ্ধ হৈ মহিলা অধিকাৰীগৰাকীৰ মৃত্যু ঘটে৷ কিন্তু ইয়াৰ পাছতে প্ৰশাসনে অপৰাধীক কৰায়ত্ব কৰিবলৈ অভিযান চলায় বুলিও আদালতৰ প্ৰশ্নৰ উত্তৰ দিয়ে হিমাচল ৰাজ্য প্ৰশাসনে৷