গুৱাহাটীঃ অৱশেষত আত্মসমৰ্পন কৰিলে যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত গোৰেশ্বৰৰ শিক্ষক ফিদ্দুছ ৰহমানে৷ দেওবাৰে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতাৰ ওচৰত আত্মসমৰ্পণ কৰে বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে৷ শিক্ষকগৰাকীয়ে খোদ বাক্সা জিলাৰ আৰক্ষীৰ ওচৰ চপা বুলি জানিব পৰা গৈছে৷ বাক্সা জিলাৰ গোৰেশ্বৰ যোৱা কেবাদিন ধৰি আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযুক্ত শিক্ষকগৰাকীক কৰায়ত্ত কৰিব নোৱাৰাত উত্তাল হৈ আছিল ৷

বিভিন্ন দল সংগঠনে গোৰেশ্বৰত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি, থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, যৌন নিৰ্যাতনকাৰী ফিদ্দুছ ৰহমানক গ্ৰেপ্তাৰ কৰক, অসম আৰক্ষী ঘোচখোৰ আদি শ্ল’গান দি গোৰেশ্বৰ উত্তাল কৰি ৰাখিছিল।

যোৱা ২ অক্টোবৰত ২ নং গোৰেশ্বৰ ৰেল কল'নি নিবাসী তথা বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে ছবি শিকিবলৈ তেওঁৰ ঘৰলৈ অহা এগৰাকী চতুৰ্থ শ্ৰেণীৰ ৯ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলি ছাত্ৰীগৰাকীৰ মাতৃয়ে গোৰেশ্বৰ থানাত যোৱা ৩ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল। ফিদ্দুছ ৰহমানৰ ভাতৃ অধিবক্তা বাহাৰুল ৰহমানেও ছাত্ৰীগৰাকীৰ পৰিয়ালক আইনী সহায় নল'বলৈ বুলি ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছিল।