নলবাৰীঃ সকলোৱে হাতে হাতে ঝাড়ু লৈ ওলাই আহিলে পৰিস্কাৰ হ’ব পৰিস্কাৰ আমাৰ আপোন দেশ৷ এই শ্ল’গানকে সাৰোগত কৰি দুৰ্গা পূজা-দেৱী লক্ষীৰ পূজাৰ অন্তত সমগ্ৰ ৰাজ্যৰ লগতে নালবাৰীৰো গাঁৱে গাঁৱে চলিছে স্বচ্ছতাৰ অভিযান।

আজি নলবাৰী জিলাৰ ৫নং পূব বতাহগিলা গাঁও পঞ্চায়তৰ উদ্যোগত তথা স্থানীয় মহিলা আত্মসহায়ক গোটৰ সহযোগত ধনতোলা আৰু পূব বতাহগিলাৰ বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযান চলায় স্থানীয় মহিলাই। ২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ চলিব লগীয়া এই অভিযানত শতাধিক মহিলাই হাতে হাতে ঝাড়ু লৈ অংশগ্ৰহণ কৰে।