শুক্লাইঃ সকলোৱে হাতে হাতে ঝাড়ু লৈ ওলাই আহিলে পৰিস্কাৰ হ’ব দেশ পৰিস্কাৰ৷ এই শ্ল’গানকে সাৰোগত কৰি দুৰ্গা পূজা-দেৱী লক্ষীৰ পূজাৰ অন্তত ভেৰগাঁৱৰ ৰজাগড়ৰ ৰাঝ ওলাই আহে হাতে হাতে ঝাড়ু লৈ৷

ৰজাগড়ৰ চহৰীয়া চ’ক, নালাপাৰা চ’ক আৰু পথ দুয়োকাষ স্বচ্ছ কৰাৰ বাবে সকলোৱে ব্যস্ত হৈ পৰে৷ শুকুৰবাৰে পুৱাই শতাধিক পুৰুষ-মহিলাই হাতে হাতে ঝাড়ু লৈ ওলাই আহে। ৰজাগড় ভি চি ডি চিৰ উদ্যোগত চাফাই অভিযানে চলোৱা হয়৷

ৰজাগড়খন পৰিস্কাৰ কৰি ৰখাৰ লক্ষ্য আগত ৰাখি পাক ঘৰৰ কাম বাদদি হ'লেও হাতত ঝাড়ুলৈ ৰজাগড়ৰৰ ৰাজপথ আৰু কেইবাটাও চ'ক চাফাই কৰাৰ ব্যস্ত হৈ পৰে মহিলা। সকলোকে নিজৰ নিজৰ ঠাইত থকা জাৱৰ-জোঁথৰসমুহ আতৰাই স্বচ্ছ ভাৰত অভিযানত সহযোগ কৰিবলৈ আহ্বান জনায়।