newsnextone.com | বিহালীঃ বিশ্বনাথ জিলা সাঁতোৰ সন্থাই বিহালীৰ কেটলা পৰিদৰ্শন ভৱনত শনিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি বিশ্বনাথ জিলা প্ৰশাসনে ভূমি আৱন্টনৰ ক্ষেত্রত ল'ৰা ধেমালী খেলা কৰি ক্ৰীড়া সন্থাক গভীৰ সংকটত পেলোৱাৰ অভিযোগ উত্থাপন কৰে। সংবাদ মেলত  জিলা সাঁতোৰ সন্থাৰ সভাপতি মহেন্দ্ৰ শইকীয়া,কাৰ্যকৰী সভাপতি প্ৰদীপ বৰুৱা আৰু সম্পাদক প্ৰশান্ত মহন্ত উপস্থিত থাকে। 

সংবাদ মেল সম্বোধন কৰি সন্থাৰ সম্পাদক প্ৰশান্ত মহন্তই জানিবলৈ দিয়ে যে, ২০১৩ বৰ্ষত গঠন হোৱা এই জল ক্ৰীড়া সংগঠনটোৱে এই বৰ্ষ লৈকে ৫ বছৰত প্ৰায় তিনি শতাধিক কণ-কণ শিশুৰ লগতে প্ৰায় শতাধিক প্ৰাপ্তবয়স্ক ব্যক্তিক সাঁতোৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। বিগত বৰ্ষত সন্থাৰ প্ৰশিক্ষণাৰ্থী সকলে বিভিন্ন পৰ্যায়ৰ ৰাজ্যিক, আন্তঃ বিদ্যালয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰে বিভিন্ন পদক অৰ্জন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

সন্থাই বিগত বৰ্ষ সমুহত বিশ্বনাথ সমাবয় সমিতিৰ পুখুৰীত আস্থায়ীভাৱে প্ৰশিক্ষণ দি আহিছে যদিও আগন্তক বৰ্ষত সমবায়খনৰ লগত থকা চুক্তিৰ ম্যাদ উকলি যোৱাৰ লগতে সমবায়খনে পুখুৰীত মীন পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত সন্থাৰ এই প্ৰশিক্ষণৰ ক্ষেত্ৰত অনিচ্ছয়তা আহি পৰিছে। তেনেক্ষেত্রত সন্থাই নিজস্ব এটুকুৰা চৰকাৰী ভুমিৰ বাবে জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক গৰাকীক একাধিক বাৰ অনুৰোধ -আবেদন কৰি অহা স্বত্তেও কোনো সুফল পোৱা নাই। 

এই ক্ষেত্ৰত বিগত ২০১৭ চনৰ ৫ ডিচেম্বৰত জিলা খনৰ তিনি গৰাকীকৈ বিধায়ক ৰঞ্জিত দত্ত,পদ্ম হাজৰিকা আৰু প্ৰমোদ বৰঠাকুৰ উপস্থিত থকা বিশ্বনাথ ভূমি উপদেষ্ঠা সমিতিত গৃহীত ৫নং প্ৰস্তাৱ মৰ্মে সন্থাক বিশ্বনাথ মৌজাৰ পানীভৰাঁল গাঁৱৰ ১০৪ নং দাগৰ ৪ বিঘা মাটি আবন্টন দিয়ে। এই পৰ্যন্ত প্ৰশাসনে সন্থাক মাটি খিনিৰ অগ্ৰীম অবস্থান প্ৰদান কৰা নাই। জিলা প্ৰশাসনে উক্ত সভাৰ গৃহীত আনবোৰ প্ৰস্তাৱ ফাইলত সন্নিবিষ্ট কৰি অসম চৰকাৰ ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগলৈ প্ৰেৰণ কৰে, কিন্তু সন্থাৰ মাটি সম্পৰ্কীয় ৫ নং প্ৰস্তাৱটো ফাইলত সন্নিবিষ্ট নকৰি ৰাজহ বিভাগলৈকো প্ৰেৰণ নকৰাকৈ পেলাই থয়। 

এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) গৰাকীৰ বক্তব্যৰ আধাৰতে উপায়ুক্ত গৰাকীৰ বাধাৰ বাবেই বিশ্বনাথ ৰাজহ বিভাগে মাটিখিনি চমজাই দিয়া নাই বুলি সন্থা পতিযন গৈছে বুলি সংবাদ মেলত অভিযোগ তোলে। তাৰোপৰি এই সম্পৰ্কত প্ৰশাসনে জনায় যে মাটি খিনি গোপচাৰ সংৰক্ষণ মুক্ত নোহোৱাৰ বাবে বিষয়টো জিলা প্ৰশাসনে অসম চৰকাৰৰ ৰাজহ আৰু দূৰ্যোগ ব্যবস্থাপনা বিভাগলৈ এই ১০৪ নং দাগৰ মুঠ ৩০ বিঘা মাটি সংৰক্ষণ মুক্তকৰণৰ বাবে প্ৰস্তাব দি থৈছে। 

কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে, সন্থাক আবন্টন দিব বিছৰা এই ভূমি খিনিৰ সন্মুখতে অসম চৰকাৰৰ হাউচফেডে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে বহু মহলীয়া ভৱন নিৰ্মাণৰ বাবে ভূমি অবন্টন দিছে আৰু সেই ভূমিত ইতিমধ্যে হাউচফেডৰ দ্বাৰা অবস্থান লৈ ফলক লগাই থোৱা আছে। যদিহে এই ৩০ বিঘি ভুমিৰ গোপচাৰ মুক্ত নোহোৱাৰ বাবেই প্ৰশাসনে সাঁতোৰ সন্থাক আগতীয়া অবস্থান প্ৰদান কৰিবই নোৱাৰে তেন্তে হাউচফেডে কেনেকৈ আগ্ৰীম অৱস্থান ল'লে বুলি সন্থাই আন এক অভিযোগ তোলে। 

উচ্চত্বম ন্যায়ালয়ৰ ২০১১ চনৰ ৰায়টো সকলোৰে বাবে যদি একে  হয় তেন্তে এইয়া বৈষ্যম কিয় কোৱাৰ লগতে সন্থাই এই পৰ্যন্ত কোনো চৰকাৰী বা বিধায়কৰ পৰা এটা ফুটা কড়িও অনুদান পোৱা নাই বুলি আক্ষেপ কৰে। উল্লেখ যোগ্য যে, নিজস্ব আৰ্থিক উৎসৰেই আজি পৰ্যন্ত ৫ বছৰে বহু ঘাট-প্ৰতিঘাতৰ মাজেদি কন-কন শিশু, ছাত্ৰ-ছাত্ৰীক সাঁতোৰৰ প্ৰশিক্ষণৰ লগতে প্ৰতিযোগিতা আদি সন্থাই অনুষ্ঠিত কৰি আহিছে। 
সংগঠনৰ বিষয়-ববীয়া সকলে আৰু কয় যে বিশ্বনাথত কিছুমান ক্ৰীড়া সংগঠন "মঙহৰ ভৰত গধুৰ" হৈছে আৰু কিছুমানে অতি কষ্ঠ-ত্যাগৰ মাজেদি জন সেৱা প্ৰদান কৰি অহা স্বত্তেও যেন প্ৰশাসন বা জন প্ৰতিনিধিৰ সঁহাৰি পোৱাৰ পৰা বঞ্চিত হৈ আহিছে। 

কাৰণ এইখন চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সন্থাই বিগত ২০১৬ বৰ্ষত চৰকাৰখনৰ প্ৰথম খন বাজেট অধিবেশনৰ সময়ত বিশ্বনাথত এটা অত্যাধুনিক সাঁতোৰ প্ৰকল্প নিৰ্মাণৰ উদ্দেশেৰে এটি প্ৰজেক্ট ৰিপোৰ্ট বিশ্বনাথ সমষ্টিৰ বিধায়ক মহোদয়ৰ হাতত তুলি দিয়া হৈছিল। 

সেই ফালৰ পৰাও সন্থাই কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা দেখা পোৱা নাই। সেয়েহে সন্থাই ভাবিবলৈ বাধ্য হৈছে যে সন্থাই অঞ্চলটোৰ বাবে কৰি অহা ত্যাগ, সেৱা বা ক্ৰীড়াৰ ক্ষেত্ৰত কৰা আহোপুৰুষাৰ্থক যেন সংশ্লিষ্ঠ পক্ষসমুহে কোনো মূল্য বা গুৰুত্ব দিব বিছৰা নাই। এয়া অতি পৰিতাপৰ লগতে দুৰ্ভাগ্যজনক। সন্থাই সংশ্লিষ্ঠ পক্ষসমূহৰ এনে আওকণীয়া মনোভাৱ অঞ্চলটোৰ ক্ৰীড়া পৰিবেশটোৰ উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত পৰিহাৰ কৰিবলৈ সংবাদ মেলত আহ্বান জনায়।