শিৱসাগৰঃ শিৱসাগৰত জনাজতিকৰণৰ দাবীত টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ নেতৃত্বই।সংগঠনটোৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসুচীত অংশ গ্ৰহন কৰি তেওলোকৰ দাবীক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনায়৷

টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কেবাগৰাকী নেতা অৱস্থান ধৰ্মঘট কাৰ্যসুচীত উপস্থিত থাকি বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পুৰ্বে তথা ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ জলন্ত সমস্যা সমুহ সামাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি কয় সংগঠনটোৱে৷

নিৰ্বাচন পাৰ হোৱাৰ পিছৰে পৰা বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই সকলো কথা পাহৰিলে বুলি অভিযোগ উত্থাপন কৰি গাদ্দাৰী কৰা বুলি কয় সংগঠনটোৱে৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিয়াৰ লগতে উজনি তথা ৰাজ্যৰ গুৰুতৰ সমস্যা সমূহ শীঘ্ৰে সামাধান কৰাৰ দাবী জনায়। টাই আহোম জনগোষ্ঠীক সংবিধানৰ ৩৪২নং অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰা।

উজনি আৰু উত্তৰ অসমৰ ৰাইজৰ সুবিধাৰ্থে দিছপুৰস্থিত সচিবালয়কে ধৰি সকলো বিভাগৰ আয়ুক্ত, সঞ্চালক পৰ্যায়ৰ কাৰ্যালয় সংলগ্ন কৰি ৬০০ বছৰীয়া আহোম প্ৰশাসনৰ ৰাজসাক্ষী ঐতিহাসিক ৰংপুৰত শিৱসাগৰক এখনি সুকীয়া ৰাজধানী প্ৰতিষ্ঠা কৰক। উত্তৰ অসমৰ ধেমাজি, লক্ষীমপুৰ, জোনাই, ঢকুৱাখানা যিকোনো জিলা নতুবা মহকুমাত দুখন বিশ্ববিদ্যালয়ৰ, দুখন কাৰিকৰী মহাবিদ্যালয় আৰু দুখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ বুকুত নিৰ্মিয়মান বগীবিল দলং স্বৰ্গদেউ চ্যুকাফাৰ নামত নামাকৰণ কৰা, অসমৰ বুৰঞ্জী প্ৰসিদ্ধ কীৰ্তি চিহ্ন সমূহক চিহ্নিত কৰি বেদখল মুক্ত কৰি সৌন্দৰ্য্যবৰ্দ্ধনেৰে পৰ্যটকৰ আকৰ্ষণীয় কৰাৰ দাবী জনায়৷

ইমানে নহয় সংগঠনটোৱে ঐতিহাসিক চে-ৰাই-ডয় মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা, পূৰ্বৰ চৰকাৰে ঘোষনা কৰা ঐতিহাসিক জেৰেঙা পথাৰৰ জয়মতী কলা ক্ষেত্ৰ স্থাপন কৰা, ৰাজ্যৰ শিক্ষানুষ্ঠানত বুৰঞ্জী আৰু ভূগোল বিষয় মাধ্যমিক স্তৰলৈকে বাধ্যতামূলক কৰা, টাই আহোম নিবনুৱা যুৱক-যুৱতীৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সুকীয়া আঁচনি প্ৰস্তুত কৰি ৫০০ কোটি টকা আৰ্থিক পুঁজি আৱণ্টন দিয়া, আহোম জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ ৪৫টা বিধান সভা সমষ্টি আৰু ৬টা লোকসভা সমষ্টিত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰাৰ দাবী জনায়৷

আহোম জনগোষ্ঠীৰ শিক্ষিত নিবনুৱাক অইল, অএনজিচি আদি প্ৰতিষ্ঠানত শতকৰা পঞ্চাশ শতাংশ নিযুক্তি নিশ্চিত কৰা, টাই আহোম যুৱক সকলক লৈ অসমত এটা চাওদাং বেটেলিয়ন গঠন কৰাৰ দাবীৰে এখন স্মাৰক পত্ৰ শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে। দাবী পুৰণ নকৰিলে গনতান্ত্ৰীক ভাবে জংগী আন্দোলন গঢ়ি তুলিব বুলি সংগঠনটোৰ সভাপতি চাও হেমন্ত চাংমাই সম্পাদক চাও জয়নাৰায়ণ বুঢ়াগোঁহায়ে হুংকাৰ প্ৰদান কৰে।