newsnextone.com | তামুলপুৰঃ স্কুলীয়া কিম্বা কলেজীয়া সময়খিনিয়েই ছাত্র-ছাত্ৰী সকলৰ জীৱন গঢ়াৰ উপযুক্ত সময়। এই সময়খিনি ছাত্র-ছাত্ৰী সকলে অবাবত খৰছ নকৰি অধ্যয়নত মনোনিবেশ কৰিব লাগিব। -এই ভাষ্য ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ। তামুলপুৰ মহাবিদ্যালয়ৰ বৃহস্পতিবাৰে অনুষ্ঠিত নৱাগত আদৰণি সভাত উপস্থিত থাকি দৈমাৰীয়ে এই মন্তব্য আগবঢ়ায়। 

ভাষণ প্ৰসংগত তেওঁ নবাগত আদৰণি সভাৰ দিনটো প্ৰতিগৰাকী ছাত্র-ছাত্ৰীৰ ঐতিহাসিক দিন বুলি অভিহিত কৰি কয় যে নতুনকৈ নাম ভৰ্তি কৰা ছাত্র-ছাত্ৰী সকলে অগ্ৰজ সকলৰ পৰা শিকিব লাগিব। অতীতত ঘটা ভাল বেয়া ঘটনাৰ সঠিক মূল্যায়ন কৰি এনে ঘটনাৰ পৰা শিক্ষা লৈ ছাত্ৰ-ছাত্ৰী সকলে আগবাঢ়ি যাব লাগিব। 

অনুজ, অগ্ৰজসকলে ভাতৃত্ববোধেৰে থাকিলেহে এখন শিক্ষানুষ্ঠানৰ সুস্থ শৈক্ষিক বাতাবৰণ অটুট থাকিব। তামুলপুৰ মহাবিদ্যালয় ছাত্র একতাৰ সভাপতি তথা প্ৰবক্তা টিকেন্দ্ৰজিৎ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়োয়ে। 

সভাত আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ যোগেন বড়োৱে। আদৰণি ভাষণত বড়োয়ে কয় যে, ছাত্র-ছাত্ৰী সকলৰ উচ্চ শিক্ষা লাভৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষ বদ্ধপৰিকৰ। ছাত্র-ছাত্ৰী সকলে অধ্যয়নত গুৰুত্ব দি ভৱিষ্যতে নিজকে দেশৰ একো একোজন সৎ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অধ্যক্ষগৰাকীয়ে ন-পুৰণি আটাইবোৰ ছাত্র-ছাত্ৰীক আহ্বান জনায়। 

তামুলপুৰ মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক গনক বড়োৱে আঁত ধৰা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, বাক্সা জিলা আই এছ ৰমেশ চন্দ্ৰ চুতীয়া, যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, এৱছু নেতা বানেশ্বৰ বড়ো, আছু নেতা দমন পাটোৱাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইফালে ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা বিভিন্ন গীত নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে।