তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰ বালিশিহাত যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই বাহন জ্বলোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। 

জানিব পৰা মতে, গোবিন্দ কলিতা নামৰ লোক জনৰ এ.এছ. ৯৮১১ নম্বৰৰ চাৰিচকীয়া মালবাহী বাহন খনত অগ্নি সংযোগ কৰে কোনো দুৰ্বৃত্তই। গোবিন্দ কলিতাৰ ঘৰলৈ যোৱা পথচোৱা শোচনীয় নোহোৱাৰ বাবে গাড়ীখন নিশা জিতেন ৰাভাৰ ঘৰত থোৱাৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনা। 

নিশা প্ৰায় ১২-৩০ বজাত গাড়ীখন দাউ-দাউ কৈ জ্বলি উঠাত জিতেন ৰাভাই স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাই যদিও গাড়ীখনৰ অধিকাংশই ক্ষতিগ্ৰস্ত হয়। ঘটনা সন্দৰ্ভত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
 
কোনো দুৰ্বৃত্তই বাহন খন চুৰি কৰি নিয়াৰ চেষ্টা চলাই ব্যৰ্থ হৈ অগ্নি সংযোগ কৰি পলায়ন কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে তামুলপুৰ থানাত এই সম্পৰ্কত গোচৰ ৰুজু কৰা হৈছে৷ আনহাতে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে ক্ষীপ্ৰ তদন্ত। 

অভিজিৎ তালুকদাৰ, তামুলপুৰ