newsnextone.com । তামুলপুৰঃ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ জাতীয় চেতনা নাই। ৰেজাউল কৰিম সৰকাৰ। সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ জাতীয় চেতনা নাই। ধনঘটা আৰু বিজেপিৰ দালালী কৰা এগৰাকী কৰ্মচাৰীহে মমিনুল আৱাল। সংখ্যালঘু ৰাইজ আৰু অসমৰ প্ৰতি কনো দায়বদ্ধতা নাই এই গৰাকী ব্যক্তিৰ । ইয়াৰ বিপৰীতে বি জে পিৰ বিধায়ক শিলাদিত্যই 

উচ্চতম ন্যায়ালয়ক ভেঙুচালি কৰি বক্তব্য প্ৰদান কৰি আহিছে। শিলাদিত্যৰ বক্তব্য মানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য বুলি মন্তব্য কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। 

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে আৰম্ভনিৰ পৰাই এখন শুদ্ধ, স্বচ্ছ, নিকা নাগৰিকপঞ্জী প্ৰস্তুত হোৱাটো বিচাৰিছে। এনআৰচি যাতে এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবেও আমছুৱে সজোৰে দাবী উত্থাপন কৰি আহিছে।

সমান্তৰাল ভাৱে এনআৰচি প্ৰস্তুতৰ নামত যাতে কোনো প্ৰকৃত ভাৰতীয় নাগৰীক হাৰাশাস্তিৰ সন্মুখীন হ'বলৈ লগা নহয় তাৰ বাবেও আমছুৱে কৃতপক্ষক আহ্বান জনাই আহিছে। -এই ভাষ্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। 

তামুলপুৰৰ নিকটৱৰ্ত্তী আল্লিয়া আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত নাৰায়ণগাও শাখা সমিতি সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সহযোগত আচাৰ্য্য বিনোৱা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা মুকলি সভা আৰু কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা সভাত সৰকাৰে এই মন্তব্য আগবঢ়ায়। আল্লিয়া আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ স্থায়ী সভাপতি নুৰুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত  মুখ্য 

অতিথি হিচাপে উপস্থিত থাকি ৰেজাউল কৰিম সৰকাৰে অভিভাৱক উদ্দেশ্যে নিজৰ সন্তানক পেটত গামোচা বান্ধি হলেও, নিজে নাখাই 

সন্তানক মানুহ কৰিব'লৈ  আহ্বান জনায়। 

লগতে তেও কয় ১৮ বছৰৰ আগতে নিজ ছোৱালী বা যুবতীক বিবাহ দি মৃত্যু মুখত ঠেলি নিদি শিক্ষিত কৰি সমাজখনক আগুৱাই নিবলৈ কয়। সভাত আমছুৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পদক মহিবৰ ৰহমান, ইমতিয়াজ হুছেইন, নলবাৰী জিলা সংখ্যালঘুৰ শিক্ষা সম্পাদক মতিউৰ ৰহমান, ৰুবুল আলী আদিকে ধৰি আমছুৰ নেতাকৰ্মী সকল উপস্থিত থাকে। 

ইপিনে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিবেশনৰ কুইজ প্ৰতিযোগিতা, কবিতা আবৃতি লগতে ৩৫ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সন্ধিয়া সংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী ৰূপে নিশাৰাণী, মামণি আখতাৰ, ৰফিকুল ইছলাম আৰু মন্টু আলীয়ে গীত পৰিবেশ কৰে।