গুৱাহাটীঃ ৰাজপথৰপৰা বেলট যুদ্ধলৈ। খিলঞ্জিয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰব্ৰজন বিৰোধী মঞ্চই ইমানদিনে কৰি অহা আন্দোলনে শাসক পক্ষৰ গা লৰাব নোৱাৰাত সংগঠনটো সাজু হৈছে নিৰ্বাচনী  যুঁজলৈ।

খিলঞ্জীয়াৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত প্ৰাৰ্থী দিব প্ৰব্ৰজন বিৰোধী মঞ্চই। এই কথা শুকুৰবাৰে সংবাদ মেল পাতি ঘোষণা কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকা সদৰী কৰে। তেওঁ জানিবলৈ দিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত তেওঁ অংশগ্ৰহণ কৰিব। 

হাজৰিকাই লগতে কয় যে খিলঞ্জীয়া লোকৰ তিনিটা দাবী পূৰণৰ বাবে চৰকাৰক এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছিল। যোৱা ২ মাৰ্চত সময়সীমা উকলি গ’ল। সেই বাবে সংগঠনটোৱে গুৱাহাটী লোকসভা সমষ্টিৰপৰা প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে। 

তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ হ’ল, ১৯৫১ চনৰ ভিত্তিত অসমত বাস কৰা ভাৰতীয়ৰ কাৰণে ভূমি, চৰকাৰী চাকৰি, সা-সুবিধা আৰু বাণিজ্যৰ অনুজ্ঞা-পত্ৰৰ সংৰক্ষণ, খিলঞ্জীয়া ৰক্ষাকৱচ এন আৰ চি পুনৰীক্ষণ কৰা আৰু সকলো ধৰণৰ বিদেশীৰ বোজাৰপৰা অসমক মুক্ত কৰা