newsnextone.com | কাজিৰঙাঃ এইবাৰ বেংকৰ একাউণ্টৰ পৰা চাহ শ্ৰমিকৰ ধন হৰলুকি হোৱাৰ ঘটনা পোবৰৈ আহিছে। ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ চাহ বাগিচাৰ শ্ৰমিকৰ লগতে 'ধন পুৰস্কাৰ' আঁচনিৰ ধনবোকাখাতৰ লখৌজান আৰু বৰচাপৰি চাহ বাগিচাৰ শ্ৰমিকসকলৰ একাউণ্টটো জমা কৰে। ধন পুৰস্কাৰ আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন ২৫০০ টকা লাভ কৰে ৷ কিন্তু ৰহস্যজনক ভাৱে চাহ বাগিচা দুখনৰ শ-শ শ্ৰমিকৰ একাউণ্টৰ পৰা শ্ৰমিকৰ অজ্ঞাতে অৰ্ন্তধান হয় বুলি অভিযোগ উত্থাপন হয় ৷ যাৰ ফলত মঙলবাৰে চাহ শ্ৰমিক সকলে বোকাখাত নগৰৰ মাজ মজিয়াৰ ’বেংক অৱ বৰোদা’ৰ শাখা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, চাহ শ্ৰমিকসকলৰ পাছবুকত প্ৰথম কিস্তিৰ ২৫০০ টকাকৈ ধন জমা হোৱাটো উল্লেখ আছে ৷ কিন্তু শ্ৰমিকৰ সেই ২৫০০ টকা কোনো  উলিয়াই নিলে সেই কথা অৱগত নহয়। জালিয়াতিৰ ঘটনাৰ সৈতে বেংক কৰ্তৃপক্ষ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে শ-শ পুৰুষ-মহিলা চাহ শ্ৰমিকে ওলাই আহি বেংকৰ ভিতৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। 

বোকাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বেংকৰ সন্মুখত চাহ শ্ৰমিকসকলে তেওঁলোকৰ ধন মোকলাই দিবলৈ দাবী জনাই বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাত বেংক কৰ্তৃপক্ষ অথবা বাগান দুখনৰ কৰ্তৃপক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে শ্ৰমিকসকলে ৷ 

বেংক কৰ্তৃপক্ষই চাহ বাগিচা দুখনৰ সম্পাদকে দাখিল কৰা হিতাধিকাৰীৰ বিপৰীতে আঁচনিৰ ধন ইতিমধ্যে মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে, বেংক কৰ্তৃপক্ষই হিতাধিকাৰীসকলক অৱগত নকৰাকৈ লখৌজান চাহ বাগিচাৰ সম্পাদক জৈনক লক্ষ্মণ আৰু বৰচাপৰি  বাগিচাৰ জৈনক সত্যজিৎ নামৰ সম্পাদকৰ হাতলৈ কেনেকৈ আঁচনিৰ ধন মোকলাই দিলে বুলি প্ৰশ্ন কৰাত বেংক কৰ্তৃপক্ষই কোনো উত্তৰ দিব নোৱাৰিলে। সমগ্ৰ ঘটনাত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে চাহ শ্ৰমিকসকলে ৷ ইতিমধ্যে, চাহ শ্ৰমিকসকলে বোকাখাত থানাত এখন এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰ আটক কৰিবলৈ দাবী জনায় ৷