newsnextone.com | তেজপুৰঃ মানৱ সম্পদ গঢ়া তেজপুৰৰ এজন শিক্ষকৰ নিৰ্লজ্জ কাণ্ডই জোকাৰি গল তেজপুৰ। নিজৰ সম্পৰ্কীয় ভতিজীয়েকৰ লগত অসৎ  কাৰ্য্যত লিপ্ত হোৱা এইজন দানৱ ৰূপী শিক্ষকৰ এনে কাণ্ডৰ বিৰুদ্ধে তেজপুৰ আদালতত তৰা গোচৰৰ ভিত্তিত আদালতে শিক্ষক বকুল বৰাক ১২ বছৰৰ কাৰাদণ্ড বিহে আৰু লগতে ৩ লাখ টকাৰ জৰিমনা আদায় দিয়াৰ নিৰ্দ্দেশ জাৰি কৰা ঘটনাক আদৰণী জনাইছে সচেতন মহলে। 

উল্লেখ্য যে, এসময়ত এইট কেন বাডাৰছৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ নামত চৰকাৰী ধনৰ আঁচনি ৰূপায়ণৰ নামত লাখ লাখ টকা আত্মসাৎ  কৰাৰ অভিযোগত অভিযুক্ত বকুল বৰা ঘোৰামাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয় শিক্ষক। ২০১৩ চনত শিক্ষক বকুল বৰাই দ্ৰৰিদ্ৰ পৰিয়ালৰ এগৰাকী সম্পৰ্কীয় ভতিজীয়েকক অবৈধ সম্পৰ্কৰ বাবে মাতৃত্বৰ বোজা লবলগীয়া হৈছিল। 

তেজপুৰ আদালতত চলা ৯৮১/১৩ নম্বৰ গোচৰৰ ৪৯৩/ ৩৬৭/৪১৭/৫০৬ ধাৰা মতে, ৰুজু হোৱা গোচৰৰ সুদীৰ্ঘ ৫ বছৰৰ পিছত তেজপুৰ আদালতৰ দাৰাক উল্লাৰ বিচাৰপীঠে দানৱৰূপী শিক্ষক বকুল বৰাক ১২ বছৰৰ কাৰাদণ্ড আৰু তিনি লাখ টকাৰ জৰিমনা বিহিছে। অৱশ্যে শিক্ষক বৰাই নিজকে নিৰ্দোষী বুলি কব বিচাৰে।