newsnextone.com | নগাঁওঃ জীৱনৰ অধিকাংশ সময় ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জ্ঞানৰ পোহৰ বিলাই নিজে ঘোৰ অমানিশাৰ ফালে গতি কৰা এজন নগঁঞা শিক্ষক। বিনা বেতনেৰে দীৰ্ঘদিনে শিক্ষকতা কৰি চকুপানী টুকি খালি হাতে অৱসৰ গ্ৰহণ কৰিলে এইজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষক গৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা। ঘৰ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ খাটোৱালগাঁৱত৷ 

এই গৰাকী শিক্ষকে জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ এলেকাধীন জাজৰি বেলতলত থকা বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়ত বিগত ২৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি জ্ঞানৰ পোহৰ বিলাই অৱসৰৰ সময়ত নিজে অন্ধকাৰ ভৱিষ্যতৰ সন্মুখীন হবলগীয়া হৈছে। সুদীৰ্ঘ ২৪ বছৰীয়া কাৰ্যকালত এদিনৰো চৰকাৰী দৰমহা নোপোৱাকৈয়ে কেইদিনমান পূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক বিদ্যালয়খনত অনুষ্ঠিত এক সভাত আনুষ্ঠানিক ভাবে বিদায় জনোৱা হয়।

সুদা হাতে এগৰাকী শ্ৰদ্ধাৰ শিক্ষাগুৰুক বিদায় দিবলগীয়া হোৱাত সকলো আবেগিক হৈ পৰে। স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষ‌ই ফুলাম গামোচা, শৰাই, প্ৰশস্তি পত্ৰ আৰু কিতাপৰ টোপোলাৰে শিক্ষক গৰাকীক বিদায় সম্ভাষণ জনায়। অানৰ দৰে শিক্ষক গৰাকীৰো এটা সপোন অাছিল যে- তেওঁ চৰকাৰী দৰমহা পাৱ আৰু সেই ধনৰে অৱসৰৰ পিচত এটা নিজা ঘৰ বনাব৷ কিন্তু সেই সপোন বাস্তৱত ৰূপায়িত নহ’ল। কাৰণ অশেষ কষ্ট স্বীকাৰ কৰিও অাজিলৈকে তেখেতে নিয়মীয়াকৈ চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ বেতন নাপালে। 

টিউচন কৰি দুই এপইছা গোটাই জোৰা তাপলি মাৰি পেটে ভাতে খাই অাছে এই দুৰ্ভগীয়া শিক্ষক গৰাকীয়ে। সেয়ে বিনা পেঞ্চনৰে বৃদ্ধ বয়সত তেখেতৰ ৰূগীয়া পত্নী আৰু নিজৰ কি হব সেয়া যেন ভাৱিবই নোৱাৰি। শিক্ষকগৰাকীয়ে চৰকাৰলৈ অনুৰোধ জনাইছে যাতে তেখেতৰ দৰে দুৰ্ভগীয়া শিক্ষক সকলক দীৰ্ঘজীৱন শিক্ষকতাৰ বিনিময়ত অৱসৰৰ পিচত যাতে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিব নালাগে তাৰ প্ৰতি গুৰুত্ব দিয়ক চৰকাৰে৷ 

বিদায়ী সভাখনত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অকন চন্দ্ৰ ডেকা, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিপিন চন্দ্ৰ বৰা প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য, জাজৰিৰ বেলতলত ১৯৮৮ চনত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়খন স্থানীয় ৰাইজে প্ৰতিষ্ঠা কৰিছিল। ১৯৯৪ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰে। বিদ্যালয়খনে ২০১৩ চনত প্ৰাদেশীকৰণ হোৱাৰ পথত আগবাঢ়িছিল যদিও সেই সময়ৰ শাসকীয় কংগ্ৰেছ দলৰ কুটিল ৰাজনীতিৰ বাবে বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল। 

যাৰ ফলস্বৰূপে শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈয়ো বিদ্যালয়খনৰ শিক্ষক সকলে প্ৰাপ্য বেতন লাভ নকৰি পেটত গামোচা বান্ধিব লগীয়া হৈছে। স্থানীয় ৰাইজৰ চৰকাৰলৈ বিনম্ৰ অনুৰোধ, চৰকাৰে এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি চকু দিয়াতো উচিত। বিদ্যালয়খন বৰ্তমানৰ পৰিবৰ্ত্তনকামী চৰকাৰে যাতে প্ৰাদেশীকৰণ কৰে তাৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে। কিন্তু কেতিয়ালৈ এই বিদ্যালয়খনৰ ওপৰত চৰকাৰৰ সুদৃষ্টি পৰিব সেয়াহে অনাগত দিনত লক্ষ্যণীয় হ’ব।