newsnextone.com | নগাঁওঃ চলিত বৰ্ষৰ নবেম্বৰ মাহত অনুষ্ঠিত হব'লগা দ্বিতীয় পৰ্যায়ৰ গুনোসৎৱত যাতে ছাত্ৰ-ছাত্ৰী সকলক গুণগত শিক্ষাৰে শিক্ষিত কৰি শিক্ষাৰ মানদণ্ড পূৰ্বতকৈ আৰু অধিক গতিশীল তথা ত্বৰান্বিত কৰি তুলিব পাৰি সেই  উদ্দেশ্যে আগত ৰাখি নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কটহগুৰি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত শনিবাৰে শিক্ষক সকলৰ বাবে এটি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। 

কটহগুৰি এ, ইউ হাইস্কুল প্ৰাংগনত বিয়লি প্ৰায় ১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত বটদ্ৰৱা খণ্ড প্ৰাথমিক বিষয়া বাহাৰুল ইছলাম উপস্থিত থাকি আগন্তক দ্বিতীয় পৰ্যায়ৰ গুণোৎৱত নগাঁও জিলাৰ ভিতৰত বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ ফলাফল যাতে আগতকৈ দুগুণ ভাল হয় তাৰ বাবে  প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীকে সম্পূৰ্ণ নিষ্ঠা সহকাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায় ৷ 

কটহগুৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক আবুল হুছেইনে আঁত ধৰা প্ৰশিক্ষণ শিবিৰটোত বটদ্ৰৱা খণ্ড সমল ব্যক্তি বকুল শৰ্মাৰ লগতে ১৭ খন  প্ৰাদেশীকৃত বিদ্যালয়ৰ প্ৰায় অৰ্ধ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।