newsnextone.com | দিচাংমুখঃ শিক্ষকৰ যাতনাৰ যেন অন্তই নপৰে। বিদ্যালয়ত পাঠদানেৰে অলেখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ বাবে চেষ্টা চলোৱা শিক্ষক সকলে নিজৰ ভৱিষ্যতক লৈ সদায় চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মাহৰ শেষত দৰমহা কেইটা সঠিক সময়ত পাব নে নাই সেয়া লৈ চিন্তা কৰিবলগীয়া হয় অসমৰ শিক্ষকসকলে। 

শিৱসাগৰকে ধৰি অসমত ৮৪৭০ জন শিক্ষকক চৰকাৰে নিয়মীয়াকৰণ নকৰাৰ বাবে মঙলবাৰে শিক্ষক সকলে পুনৰ এবাৰ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰি নিজৰ অধিকাৰৰ তদাবী তুলিবলৈ বাধ্য হৈ পৰে।

শিৱসাগৰ জিলাত ১৫৩০ জন শিক্ষক নিয়মীয়া কৰণৰ দাবী ৰাখি মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অমৰণ অনশন কাৰ্যসূচী পালন কৰে। 

উল্লেখ্য যে, বিগত বৰ্ষত ২৫  বছৰৰ আগতে নিযুক্তি লাভ কৰা শিক্ষক সকলক বৰ্তমানৰ শাসকীয় চৰকাৰখনে এশ দিনৰ ভিতৰত নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

কিন্তু চৰকাৰৰ প্ৰতিশ্ৰুতিয়ে দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো বিদ্যালয় শিক্ষকসকলৰ বিষয়ে চিন্তা কৰাৰ আহৰি নোলাল সোণোৱাল নেতৃত্বাধীন শাসকীয় চৰকাৰখনৰ।  
যাৰ প্ৰৰিপ্ৰেক্ষিতত শিক্ষকসকলে নিজৰ অধিকাৰৰ দাবী সাব্যস্ত কৰি মঙলবাৰে গীতা পাঠেৰে আমৰণ অনশন কাৰ্যসূচী ৰুপায়ণ কৰে।