তেজপুৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুৰতে সুৰ মিলাই তেজপুৰীয়া সাংসদ ৰাম প্ৰসাদ শৰ্মাই ক'লে "ৰাহুল গান্ধী বেইমান৷ বেইমান কংগ্ৰেছ দল৷"

নিকা ভাবমূৰ্তিৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যদি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে 'চোৰ' বুলি ক'ব পাৰে, তেন্তে ৰাহুল গান্ধী বা কংগ্ৰেছ দলক 'বেইমান' বুলি কোৱাত ক'ত অপৰাধ হৈছে বুলি তেওঁ প্ৰশ্ন কৰে।

"কংগ্ৰেছ দলে মিথ্যাচাৰৰ আশ্ৰয় লৈ জনসাধাৰণক কেৱল ললিপপহে যাচি আহিছে৷ মই পিছে মুখ্যমন্ত্ৰীৰ লগতে আছোঁ।" এনেদৰে মুখ্যমন্ত্ৰী সোণোৱাললৈ ১০০ শতাংশ সমৰ্থন আগ বঢ়ালে সাংসদজনে।

একেদৰে সাংসদ শৰ্মাৰ সুৰতে সুৰ মিলাই চতিয়াৰ বি জে পি বিধায়ক পদ্ম হাজৰিকায়ো। কংগ্ৰেছ দলে  জনসাধাৰণক কেৱল বিশ্বাসঘাটকতা কৰি আহিছে বুলি তেওঁ দাবী কৰে।