newsnextone.com | তেজপুৰঃ তেজপুৰ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা শনিবাৰে মহাবিদ্যালয়খনৰ  প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ নাথৰ পৌৰাহিত্যত অনুষ্ঠিত সভাখনত আদৰণী ভাষণ দিয়ে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিকমল হাজৰিকাই। 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে  উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে মহাবিদ্যালয়ৰ নৱাগত সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। 

ইফালে নৱাগত আদৰণী সভাৰ মাজতে মহাবিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ অভিযাত্ৰী উন্মোচন কৰে। সভাত মহাবিদ্যালয়খন প্ৰৱক্তা, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল উপস্থিত থাকে।