newsnextone.com | তেজপুৰঃ অৱশেষত অসমীয়া জাতিৰ দলিল প্ৰকাশ পালে। যাৰ বাবে সুদীৰ্ঘ কাল সংগ্ৰাম কৰিব লগা হৈছিল অসমীয়া জাতিয়ে। ৰাজপথ উত্তাল কৰাৰ লগতে অসমীয়া ডেকাই প্ৰাণ দিব লগা হৈছিল। বহু ডেকাই পংগু হ'ব লগা হৈছিল। ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত বহু জল্পনা-কল্পনাৰ অন্তত অসমীয়াই লাভ কৰিলে এখন শুদ্ধ এনআৰচি। সোমবাৰে পুৱাই ৰাইজৰ মাজলৈ আহিল এনআৰচি।

সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। পুৱা ১০ বজাত অনলাইন যোগে আনুষ্ঠানিকভাৱে এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। 

 যাৰ বাবে সোমবাৰৰ দিনটো ৰাজ্যবাসীৰ বাবে এক ঐতিহাসিক দিন হৈ ৰ'ব ৷ বহু আকাংক্ষাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনআৰচিৰ সেৱা কেন্দ্ৰত মানুহে নিজৰ নাজৰ নাম আছে নে নাই সেয়া পৰীক্ষা কৰা পৰিলক্ষিত হৈছে।কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰাইজে নিজৰ নাম পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। শোণিতপুৰ  জিলাতোঁ ৰাইজে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত ভিৰ কৰে। 

শোণিতপুৰত নিৰাপত্তাৰ স্বাৰ্থত মোতায়ন কৰা হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী ৷ তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৯টা সেৱা কেন্দ্ৰত কেইবাহাজাৰ  আবেদনকাৰীয়ে আবেদন কৰিছিল ৷ ইয়াৰ ১৫ শতাংশ নাম বাদ পৰা বুলি জানিব পৰা গৈছে।