তেজপুৰঃ অসম গণ পৰিষদ দল হৈছে আঞ্চলিক দল। দলটোৱে নিজৰ আঞ্চলিক চৰিত্ৰ অক্ষুন্ন ৰক্ষা কৰা দৰকাৰ। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

তেজপুৰত সাংবাদিকৰে হোৱা কথা বতৰাত মহন্তই লগতে কয় যে আঞ্চলিক দলসমূহে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আজি অসমত যদি অ গ প দল দুজন সাংসদ থাকিলহেঁতেন তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উথাপন হোৱাতো বাধা আহিলহেঁতেন বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।