newsnextone.com | তেজপুৰঃ অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে হিন্দু শৰণাৰ্থীক অসমত সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে৷ চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে তেজপুৰত আজি প্ৰৱজন বিৰোধী মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে৷

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে খিলঞ্জীয়াৰ ভূমি অধিকাৰ নিশ্চিত কৰাৰ দাবী জনাই প্ৰৱজন বিৰোধী ঐক্য মঞ্চৰ তেজপুৰ সমিতিয়ে৷ সংগঠনটোৱে শনিবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷ স্বাক্ষৰ সমূহ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব৷