ৰঙিয়াঃ বিদেশৰ মাটিত অসম সন্তানৰ সাফল্য। অসম সন্তান মোজাহাৰুল ইছলামে ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক নিযুক্তি লাভ কৰিয়েই দেশলৈ কঢ়িয়াই আনিলে ৬ টাকৈ পদক।

থাইলেণ্ডৰ নেশ্যনেল ষ্টেডিয়ামত চলি থকা থাইলেণ্ড অ'পেন কাৰাটে চেম্পিয়নশ্বিপত মোজাহাৰুলৰ তত্বাৱধানতে ভাৰতীয় দলটোৱে বৰ্তমানলৈ ৬ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৫ টা ব্ৰঞ্জৰ আৰু এটা ৰূপৰ পদক।

আজি ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক তথা অসম সন্তান মোজাহাৰুল ইছলামে News Next Oneক পদক লাভ কৰাৰ কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতীয় কাৰাটে সন্থাই অসম সন্তান তথা ৰঙিয়াৰ যুৱক ৰাষ্ট্ৰীয় খেলুৱৈ মোজাহাৰুল ইছলামক ভাৰতীয় কাৰাটে দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। নিযুক্তি লাভ কৰাৰ পিছতে কাৰাটেৰ ভাৰতীয় দলটোক লৈ থাইলেণ্ডলৈ যাত্ৰা কৰিছিল মোজাহাৰুলে।