newsnextone.com | টীয়কঃ উজনি অসমৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণৰ লগত সংলগ্ন ‘সেৱাইতিৰ বাকচ’ৰ তলা ভাঙি সোমবাৰে নিশা চোৰে বহু পৰিমাণৰ ধন আৰু মূল্যবান সামগ্ৰী চুৰি কৰা ঘটনাই ধৰ্মীয় অনুষ্ঠানটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ভক্ত সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াত সৃষ্টি হোৱা দেখা গৈছে৷ 

আনহাতে পৱিত্ৰ ভাদ মাহৰ মাহজোৰা নাম মহোৎসৱ চলি থকা অৱস্থাতে এনে চুৰিৰ ঘটনাই ভক্ত সকলক নিৰুৎসাহিত কৰাৰ লগতে টীয়ক থানা আৰু লাহদৈগড় আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে৷