প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আলিটাঙনীৰ সমীপৰ জামুগুৰি নিবাসী নুৰুজামান নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পৰা বৃহস্পতিবাৰে নিশা একেখন গাঁৱৰে বাহাৰুল ইছলাম নামৰ এটা গভাইত চোৰে এটা ১৬ হাজাৰ টকীয়া মোবাইল হেণ্ডচেট চুৰি কৰি লৈ যায় যদিও শুকুৰবাৰে দুপৰীয়া গোপন খবৰৰ ভিত্তিত চোৰটোক আটক কৰিবলৈ সক্ষম হয়। 

চোৰটোৱে চুৰি কৰা কথা নিজ মুখে স্বীকাৰ কৰাৰ লগতে পূৰ্বেও এনে বহু চুৰি কাণ্ড সংঘটিত কৰা বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে, জুৱা খেলিবলৈ ধনৰ নাটনি হোৱাৰ বাবেই এনেদৰে মোবাইলটো চুৰি কৰিছিল চোৰটোয়ে। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বহু অঞ্চলত অবাধে জুৱা খেল দীৰ্ঘদিনৰে পৰা চলি থকাৰ বাবেই চুৰি-ডকাইতি কাণ্ড বেছিকৈ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।