newsnextone.com | নগাঁওঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ মচনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কাম-কাজক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত বজাৰ আৱণ্টনক কেন্দ্ৰ কৰি বিজেপি যুৱ মৰ্চাৰ কৰ্মীয়ে এগৰাকী ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ যুৱ মৰ্চাৰ কৰ্মীয়ে বিডিঅ’ক কাৰ্যালয়ৰ ভিতৰতে ভাবুকি প্ৰদান কৰাৰ লগতে খোদ বিধায়িকাই ফোনযোগে বিষয়াগৰাকীক চাই লোৱাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ বটদ্ৰৱা সমষ্টিতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 

জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ অধীনত চাৰিখন বজাৰ আছে ৷ ইয়াৰে দলংঘাটৰ গোপালঘাট বজাৰখন দ্বি-সাপ্তাহিক হোৱাৰ বিপৰীতে কপাহেৰা, চাবুকধৰা আৰু জামুগুৰি বজাৰকেইখন সাপ্তাহিক বজাৰ ৷ প্ৰতিবছৰে এই বজাৰ কেইখন বিভাগীয় নীতি-নিয়ম অনুসৰি নিবিদাৰ জৰিয়তে মহলদাৰক আৱণ্টন দিয়া হয় ৷ 

এইবাৰো বজাৰকেইখন আৱণ্টন দিয়াৰ বাবে যোৱা পহিলা জুনত নিবিদাৰ বাবে জাননি দিয়াৰ লগতে নিয়ম অনুসৰি যোৱা ১৬ জুলাইৰ দিনটো নিবিদা দাখিলৰ অন্তিম দিন হিচাপে নিৰ্ধাৰণ কৰা হয় ৷ কিন্তু বজাৰ কেইখন কেৱল বিজেপি কৰ্মীকহে আৱণ্টন দিবৰ বাবে দলংঘাট উন্নয়ণ খণ্ডৰ বিষয়া জিতেন্দ্ৰ  কুমাৰ নাথক তীব্ৰ হেচাঁ প্ৰয়োগ কৰে সমষ্টিটোৰ বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ লগতে স্বয়ং বিধায়িকা আঙুৰলতা ডেকাই ৷ সেই অনুসৰি বিধায়িকা আৰু যুৱ মৰ্চাৰ কৰ্মীয়ে নিবিদা দাখিলৰ অন্তিম দিন ১৬ জুলাইৰ পৰিবৰ্তে ২০ জুলাইত কৰিবলৈ খণ্ড উন্নয়ণ বিষয়াগৰাকীক কোৱাৰ লগতে ২০ জুলাইৰ পূৰ্বে নিবিদাৰ বাকচ নুখুলিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু খণ্ড উন্নয়ণ বিষয়াগৰাকীয়ে বিধায়িকা আৰু যুৱ মৰ্চাৰ কৰ্মীৰ কথাত গুৰুত্ব নিদি বিভাগীয় নিৰ্দেশনা অনুসৰি নিবিদাৰ বাকচ পূৰ্ব নিৰ্ধাৰিত মতেই যোৱা ১৬ জুলাইত খুলি সেইবোৰ নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ত জমা দিয়ে ৷

 এই কথাতেই বিধায়িকা আঙুৰলতা ডেকা ক্ষোভিত হৈ পৰে। বৃহস্পতিবাৰে ফোন যোগে খণ্ড উন্নয়ণ বিষয়াগৰাকীক জবাবদিহি কৰাৰ লগতে বিজেপিৰ কৰ্মীয়ে বজাৰ আৱণ্টন নাপালে চাই ল’ম বুলি ভাবুকি প্ৰদান কৰে ৷ ইফালে, শুকুৰবাৰে দলংঘাট বিজেপি যুৱ মৰ্চাৰ প্ৰায় ১৪-১৫ জনীয়া এটি দলে খণ্ড উন্নয়ণ বিষয়াগৰাকীৰ কাৰ্যালয় কক্ষত প্ৰৱেশ কৰি পুনৰাই বজাৰৰ আৱণ্টন তেওঁলোকৰ কৰ্মীক দিবলৈ দাবী জনায় ৷ যুৱ মৰ্চাৰ দলটোৰ এনে দাবীক নাকচ কৰি বিষয়াগৰাকীয়ে বিভাগীয় নীতি-নিয়মৰ মাজেৰে যোগ্যজনকহে দিয়া হ’ব বুলি কোৱাৰ লগতে তেওঁ দিওঁ বুলিয়েই নিয়ম উলংঘা কৰি কোনো লোককেই বজাৰ আৱণ্টন দিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ৷ 

কিন্তু বিষয়াগৰাকীৰ কথা অলপো বুজিবলৈ চেষ্টা নকৰি ওলোতাই যুৱ মৰ্চাৰ কৰ্মীসকল তৰ্জন-গৰ্জন কৰিবলৈ ধৰে ৷ তেতিয়া খণ্ড উন্নয়ণ বিষয়াগৰাকীয়ে উপায়হীন হৈ বিভাগীয় নীতি-নিৰ্দেশনাৰ কথা কৈ বুজাবলৈ চেষ্টা কৰে যদিও তেওঁলোকৰ কৰ্মীক বজাৰ আৱণ্টন নিদিলে বিষয়াগৰাকীৰ ওপৰত 'এক্সন ল’ম' বুলি কোৱাৰ লগতে চিআইডিৰ দ্বাৰা তেওঁৰ বিৰুদ্ধে তদন্ত কৰিম' আদি কথা কৈ যুৱ মৰ্চাৰ দলটোয়ে বিষয়াগৰাকীক ভাবুকি প্ৰদান কৰে ৷ ইফালে, বিধায়িকা আৰু যুৱ মৰ্চাৰ এনে ভাবুকিত শংকিত হৈ পৰা খণ্ড উন্নয়ণ বিষয়াগৰাকীয়ে এই সন্দৰ্ভত ইতিমধ্যে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিছে বুলি জানিব পৰা গৈছে ৷ কাজেই, সমষ্টিৰ সৰ্বাংগীন উন্নয়ণ তথা ৰাইজৰ সেৱাৰ বাবে নিৰ্বাচিত এগৰাকী জনপ্ৰতিনিধি আৰু বিজেপি যুৱ মৰ্চাৰ এনে আচৰণক কেন্দ্ৰ কৰি এতিয়া সমষ্টিৰ সচেতন লোকসকলৰ মাজত তীব্ৰ চৰ্চা আৰম্ভ হৈছে ৷