The Indian Express
The Indian Express

নগাঁওঃ ৰাজ্যৰ আইন-শৃংখলা সমস্ত দায়িত্বত নিয়োজিত হৈ থকা আৰক্ষীক প্ৰশিক্ষণ দিয়া লোকসকলে নাপায় দৰমহা৷ দৰমহাৰ বাবে আৰক্ষীৰ পিছে পিছে ঘুৰি থাকিব লগা হয়৷ এি ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ চৰকাৰৰ গৃহ বিভাগৰ সচেতনতাক লৈ নিশ্চয় প্ৰশ্ন উত্থাপন হ’ব৷ অসম চৰকাৰে ৰাজ্যৰ গৃহ বিভাগ তথা অসম আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবদ বিগত বছৰবোৰত বহু কোটি টকা ব্যয় কৰি অহাৰ সময়তে পোহৰলৈ আহিছে আৰক্ষীৰ আধুনিকীকৰণৰ নামত চলি থকা ভেঁকো-ভাওনাৰ এখন প্ৰতিচ্ছবি৷

অসম আৰক্ষী বাহিনীৰ আধুনিকীকৰণ কৰাৰ উদ্দেশ্যে ২০১০ চনৰ পহিলা জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ক্ৰমে ৰাজ্য চৰকাৰে কাৰ্বিআংলং জিলাৰ চিলনী, বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰু গোলাঘাট জিলাৰ দেৰগাঁৱত তিনিখন চিআইএটি (Counter Insurgency and Anti Terrorism) স্কুল স্থাপনেৰে এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল৷ এইচিআইএটিত আৰক্ষীক আধুনিকীকৰণৰ প্ৰশিক্ষণ দিবৰ কাৰণে প্ৰথমাৱস্থাত চাৰি বছৰৰ বাবে ঠিকা ভিত্তিত নিযুক্তি প্ৰদান কৰিছিল ভাৰতীয় সেনা বাহিনীৰ প্ৰায় ৫০জন অৱসৰপ্ৰাপ্ত আমোলা-বিষয়াক৷

পৰৱৰ্তী পৰ্যায়ত এই প্ৰশিক্ষকসকলৰ চাকৰিৰ ম্যাদ পৰ্যায়ক্ৰমে বৃদ্ধি কৰি বৰ্তমানেও এই স্কুল তিনিখন চলাই থকা হৈছে৷ কিন্তু পৰিতাপৰ এই যে, বহু কষ্টৰে আৰক্ষীক আধুনিকীকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা এই প্ৰশিক্ষকসকলে নিয়মীয়াকৈ নাপায় প্ৰাপ্য দৰমহা৷ জানিব পৰা মতে, মাহৰ মূৰত বেতনৰ ধন পাবলৈ সক্ষম নোহোৱা এই প্ৰশিক্ষকসকলে সঘনে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়লৈ তাঁত বাতি কঢ়াৰ পিছতহে বছৰৰ শেষৰ ফালে কোনোমতে লাভ কৰে নিজৰ প্ৰাপ্য বেতন৷

কিয়নো, বিগত বৰ্ষৰ ১২ মাহৰ দৰমহাৰ ধনৰাশি চলিত বৰ্ষৰ মাৰ্চ মাহতহে লাভ কৰাৰ পিছত চলিত বৰ্ষৰ মাহেকীয়া বেতনৰ ধন বৰ্তমানলৈকে লাভ কৰা নাই দুৰ্ভগীয়া প্ৰশিক্ষকসকলে৷ সম্প্ৰতি ৭মাহ উকলি যোৱাৰ পিছতো চলিত বৰ্ষৰ দৰমহাৰ নামত এটকাও পাবলৈ সক্ষম নোহোৱাত এই প্ৰশিক্ষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷ আনকি নিযুক্তি দিয়াৰ সময়তে প্ৰশিক্ষকসকলৰ প্ৰয়োজনীয় ইউনিফৰ্মৰ বাবদ অতিৰিক্ত ধন প্ৰদান কৰিছিল যদিও বৰ্তমান ৭ বছৰৰ মুৰতো পুনৰ ইউনিফৰ্মৰ বাবদ কোনো ধন দিয়া হোৱা নাই প্ৰশিক্ষকসকলক৷

ইফালে, মাহৰ দৰমহা নিয়মীয়াকৈ লাভ নকৰাৰ ক্ষোভত ইতিমধ্যে বহুকেইজন প্ৰশিক্ষকে চাকৰি ত্যাগ কৰি আঁতৰি যোৱাত বৰ্তমান তিনিওখন চি আই এ টিত লক্ষণীয়ভাৱে মাত্ৰ ২৫ জনহে প্ৰশিক্ষক বৰ্তি ৰৈছেগৈ৷ এনেদৰে প্ৰাপ্য দৰমহা লাভৰ ক্ষেত্ৰত এনেদৰেই হাৰাশাস্তিৰ সন্মুখিন হৈ আহিবলগীয়াত পৰে তেন্তে অনাগত দিনত প্ৰশিক্ষকৰ সংখ্যা যে আৰু হ্ৰাস পাব তাৰ সম্ভাবনা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷ ৰাজ্যৰ আন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ দৰে সপ্তম দৰমহা আয়োগৰ সংশোধিত নীতি-নিৰ্দেশনা মতে অনাদায় হৈ থকা ৭ মাহৰ দৰমহাৰ লগতে ইউনিফৰ্মৰ বাবদ পাবলগীয়া ধন অনতিপলমে মুকলি কৰি দিবৰ বাবে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দুৰ্ভগীয়া এই প্ৰশিক্ষকসকলে দাবী জনাইছে৷