ধিংঃ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। হয়, তাহানিত ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে ভাৰতীৰ নুমলী জীক বচোৱাৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হ’ল অসমীয়া ডেকা মৰিগাৱৰ হেমানন্দ৷

০৬ অক্টোবৰত চুবুৰীয়া ৰাজ্য অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ বায়ু সেনা আৰু সেনাৰ ৭গৰাকী লোকৰ মৃত্যু হৈছিল। শ্বহীদ ৭গৰাকীৰ ভিতৰত অসম সন্তান মৰিগাঁও জিলাৰ হেমানন্দ ডেকাও শ্বহীদ হৈছিল। হেমানন্দ ডেকাৰ মৃতদেহ শনিবাৰে নিশা ৮-৩০ বজাত মৰিগাঁও জিলাৰ জাজৰিৰ পাঘালিৰ পানবাৰী গাৱঁলৈ লৈ আহে ভাৰতীয় সেনাই৷

শ্বহীদ হেমানন্দৰ মৃতদেহ পানবাৰী গাঁও পোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ সকলোৰে চকু-লো বৈ আহে৷ হাজাৰ হাজাক লোক সমবেত হৈ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা যাচে৷ পুৱাৰে পৰা গাঁওখন মানুহৰে ভৰি পৰা পৰিলক্ষিত হৈছিল৷ শনিবাৰে দিনৰ বাৰ বজাত মৃতদেহ লৈ অহাৰ কথা আছিল যদিও সন্ধিয়া ৮-৩০ বজাত ভাৰতীয় সেনাৰ এটি দলে তেওৰ মৃতদেহ লৈ আহে৷

যোৱা ৪৮ ঘন্টা ধৰি ঘৰখনত তথা পাঘালিৰ পানবাৰী গাঁৱৰ আৱাল-বৃদ্ধ-বনিতাই কন্দা-কটাকৰা পৰিলক্ষিত হৈছিল। অৱশেষত নিশা সেনাৰ গাড়ীত শ্বহীদৰ মৃতদেহ লৈ অহাত আই-মাতৃয়ে ইনাই বিনাই কান্দিছিল৷ সেনাৰ ফুলৰ মালাৰে সু-সজ্জিত গাড়ীত নিশা হেমানন্দৰ মৃতদেহ লৈ আহে৷ সেনাৰ গাড়ীৰ আহি পোৱাৰ পিছতে যেন কোনেও চকুলো ৰখাব পৰা নাছিল৷

হেমানন্দৰ পৰিয়ালক সান্ত্বনা দিয়া লোকসকলেও ফেকুৰি উঠিছিল৷ সেনাৰ লোকে স-সন্মানেৰে ত্ৰিৰংগাৰে আৱৰিত কফিন চোতাললৈ অনাৰ পিছতে ঘৰখনত কান্দোনৰ ৰোলৰ বাবে একপ্ৰকাৰ হুলস্থূল লাগে। কান্দোনৰ বিননিয়ে অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়। যাক ভাষাৰে বুজাব নোৱাৰি৷ সকলোৰে অন্তিম দৰ্শনৰ অন্তত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে শেষকৃত্য সম্পন্ন কৰা হয় জোৱান হেমানন্দ ডেকা ওৰফে অকণিৰ।

৬ অক্টোবৰত চুবুৰীয়া ৰাজ্য অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ বায়ু সেনা আৰু সেনাৰ ৭গৰাকী লোকৰ মৃত্যু হৈছিল। শ্বহীদ ৭গৰাকীৰ ভিতৰত অসম সন্তান মৰিগাঁও জিলাৰ হেমানন্দ ডেকাও শ্বহীদ হৈছিল। শনিবাৰে ১২ বজাত হেমানন্দৰ মৃতদেহ মৰিগাঁৱৰ নিজ ঘৰ আহি পোৱাৰ কথা আছিল যদিও নিশা হে আহি পায়৷

অৰুণাচলত হেলিকপ্টাৰ দুৰ্ঘটনা পতিত হৈ ৫গৰাকী বায়ুসেনাৰ আৰু দুগৰাকী ভাৰতীয় সেনাৰ লোকৰ মৃত্যু হৈছিল। চীন সীমান্তৰ টাৱাঁঁঙৰ পৰা উৰা মৰাৰ পিছতে ক্ৰেছ হয় হেলিকপ্টাৰ খন৷ অৰুণাচলত হেলিকপ্ৰটাৰ ৰ দুৰ্ঘটনাত মৃত্যু হোৱা হেমানন্দ ডেকাৰ ঘৰ মৰিগাওঁ জিলাৰ জাজৰিৰ পাঘালিৰ পানবাৰী গাৱঁত।

নন্দীৰাম ডেকাৰ পুত্ৰ হেমানন্দই ২০০২ চনত ১৯ বছৰ বয়সতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰি দেশৰ হৈ সেৱা আগবঞাই গৈছিল। পত্নীৰ নাম সুষ্মিতা কোঁৱৰ ডেকা। সাত বছৰ পুৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল হেমানন্দ। তেও এটি ৬ বছৰ বয়সৰ কন্যা সন্তানৰ পিতৃ আছিল।

৬ অক্টোবৰৰ পুৱা প্ৰায় ৬বজাত এম আই-১৭ ভি-৫ হেলিকপ্টাৰ অৰুণাচলৰ পৰা উৰণ আৰম্ভ কৰাৰ পিছতে দু দুৰ্ঘটনাত পতিত হয় বুলি জানিব পৰা গৈছে। ফলত ৭জন লোক নিহত হয়। এই দুৰ্ঘটনা অৰুনাচলৰ টাৱাঙত সংঘটিত হৈছে।

হেলিকপ্টাৰ খন দৈনিক অনুশীলনৰ অৱস্থাৰ পৰা সন্ধান হোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ পিছত কপাৰ বক্স অৰুনাচলৰ কিমি অঞ্চলত উদ্ধাৰ হয়। টাৱাঙৰ পৰা ১৩০ কিঃ মিঃ নিলগৰ জংগ চাকোলৰ ওৱাচিনত বুলি সন্ধান লাভ কৰিছে বায়ু সেনাবাহিনীয়ে। বায়ুসেনা বাহিনী আৰু সেনা বাহিনীৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে হেলিকপ্টাৰ খন।