10
ডিজিটেল ডেস্কঃ কথা ভাল কওক বা বিতৰ্কিত। ছচিয়েল মিডিয়াত ট্ৰল কৰোতাৰ অভাৱ নাই। সেয়া লাগিলে উদ্দেশ্যপ্ৰণোদিত হওক, বা স্বতঃস্ফুৰ্তই হওক।
টুইটাৰত একেই অৱস্থা। আপোনাৰ যুক্তি ক’ৰবাতে পৰি থাকে, যেতিয়া ট্ৰ্লাৰে ট্ৰল টুইট কৰি আপোনাৰ মূল কথাৰ পৰা সকলোকে বিভ্ৰান্ত কৰি পেলায়। কিন্তু সেই সমস্যাকে গুৰুত্বসহকাৰে লোৱা টুইটাৰে ব্যৱস্থা কৰিছে এক নতুন ফিচ্চাৰৰ।