নামতিঃ উজনি অসমৰ কেবাখনো জিলাক সংপৃক্ত কৰি ৰখা ধোদৰ আলি ৰজা গদাধৰ সিংহৰ দিনত ১৬৮১-১৬৯৫ চনত নিৰ্মাণ কৰা হৈছিল৷ ইতিহাস মতে ছশ বছৰীয়া আহোম ৰাজত্বৰ কালত একাংশ ধোদৰূপী মানুহৰ হাতেৰে মাথো ১৪ বছৰৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল ধোদৰ আলি। ধোদৰ হতুৱাই নিৰ্মাণ কৰা এই ধোদৰ আলি আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ৰাজ্যৰ গড়কাপ্তানি বিভাগে কেবা বছৰ ধৰি পুণৰ নিৰ্মাণ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে সঁচেতন ৰাইজে।

আহোমযুগৰ স্মৃতি বিজড়িত ধোদৰ আলিটো ৩৭নং ৰাষ্ট্রীয় ঘাই পথ সংযোগী গোলাঘাট চহৰ, তিতাবৰ, মৰিয়ণি, আমগুৰি, নামতি, নাজিৰা, সোণাৰি অসম নাগালেণ্ড সীমান্ত হৈ নাহৰকটীয়াত অন্ত পৰিছে। উজনি অসমৰ ব্যৱসায় ক্ষেত্ৰটো গুৰুত্ব পূর্ণ ভূমিকা বহন কৰা এই ধোদৰ আলিয়েদি অসম সম্পদ চাহপাত, কয়লা, খনিজ তেলৰ লগতে বহুতো মূল্যবান সামগ্রী সৰবৰাহ কৰাৰ উপৰিও দৈনিক হাজাৰ হাজাৰ গাড়ী-মটৰ, বাইক তথা স্কুল-কলেজৰ ছাত্র-ছাত্রী, ব্যৱসায়ী, চাকৰিয়াল আদি আহ-যাহ কৰে।

ঐতিহ্যমণ্ডিত ধোদৰ আলিটো এতিয়া ধোদৰ পুখুৰীলৈ ৰূপান্তৰিত হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰি আহিছে। পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসন কালত আৰু বৰ্তমানৰ বিজেপি চৰকাৰেও ধোদৰ আলিক নিৰ্মাণ কৰিবলৈ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিত্রদল অগপৰ বিধায়ক প্রদীপ হাজৰিকা আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ সমষ্টিৰ আমগুৰি-নাজিৰা সমষ্টিক সামৰি লোৱা নামতি চাৰিআলিৰ মাজমজিয়াৰ পৰা নাজিৰা বালিঘাটলৈকে ধোদৰ আলিৰ অংশটো অতিকৈ শোচনীয় হৈ পৰিছে।

ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ চুড়ান্ত অৱহেলা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে বছৰ বছৰ ধৰি যমৰ-যাঁতনা ভোগা পথটো শোচনীয় হৈ পৰাৰ পাছতো বিধায়ক দুজনক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। উক্ত পথটোৰ এই অংশটো বিশ্ব বেংকৰ অনুদানেৰে ডিব্রুগড়ৰ জনৈক মুন বৰদলৈ নামৰ এজন ঠিকাদাৰে ২০১২ চনৰ পৰা নির্মাণৰ কাম আৰম্ভ কৰি ২০১৭ চন পৰ্য্যন্ত পথটো নিৰ্মাণ সমাপ্ত কৰিব নোৱাৰিল ৷ যিখিনি ঠাই নির্মাণ কৰিলে সেয়াও অতি নিম্ন মানৰ। প্রায় ১০ কিলোমিটাৰ পথটো নির্মাণৰ কাম সম্পুৰ্ণ নহওঁতেই পকীবোৰ এৰি গৈছে ৷

যাৰ ফলত পথৰ মাজতেই সৃষ্টি হৈছে পুখুৰী সদৃশ প্রকাণ্ড প্রকাণ্ড গাঁত। আনহাতে পথটোৰ চাইড-বাম অতি নিম্নমানৰ হোৱাত সঘনে দূর্ঘটনা সংঘটিত হৈ আহিছে। উক্ত দূর্ঘটনা সমূহত শতাধিক লোক আহত হোৱাৰ লগতে কেইবাজনেওঁ মৃত্যুক আকোঁৱালি লৈছে। ইফালে বিভিন্ন দল সংগঠনে ৰাইজৰ সহযোগত বহুবাৰ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰ, বিধায়ক দুজনে চকু মুদা কুঁলিৰ ভাওঁ ধৰাহে পৰিলক্ষিত হয়। কোৱা বাহুল্য যে, অতি শীঘ্রে যদি ধোদৰ আলিৰ নামতি চাৰি আলিৰ পৰা নাজিৰা বালিঘাট অংশটো মেৰামতি নকৰে যি কোনো সময়তে হব পাৰে ভয়ংকৰ দূর্ঘটনা।