newsnextone.com | কাকপথাৰঃ বানপানীৰ কবলত পৰি ককবকাই থকা ৰাজ্যবাসীয়ে এতিয়া বৰষুণ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ দিন পাছত দিন ধৰি বৰষুণ নিদিয়াৰ ফলত খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ কৃষক৷

পথাৰত ছিৰাল ফাট আৰু কঠিয়া নষ্ট হোৱাৰ উপক্ৰম হোৱাত মূৰে-কপালে হাত দিছে ৰাজ্যৰ কৃষকে৷ বছৰি খেতি পথাৰত পানী যোগান ধৰাৰ নামত কোটি কোটি টকা খৰছ কৰা বিয়াগোম জলসিঞ্চন বিভাগে কৃষকক এটুপিও পানী ধৰিব নোৱাৰাৰ ফলত বৰষুণৰ বাবে ভগৱানক কাকুতি-মিনতি কৰিব লগা হৈছে৷

কিয়নো কোটি কোটি টকা খৰছ কৰি পুৰণি আঁচনি মেৰামতি কৰাৰ লগতে জলসিঞ্চনৰ নতুন আঁচনি নিৰ্মাণ কৰে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ অৱশেষত ভগৱানেৰ ওচৰত হাতযোৰ কৰি কাকুতি-মিনতি কৰিব লগা বৰষুণৰ বাবে৷

মূৰৰ ঘাম মাটিত পেলাই ৰোৱা কঠিয়াতলি খৰাঙৰ জুয়ে পুৰিছে। এতিয়া শৰণাপন্ন হ’ব লাগিব ভগৱানৰ। খেতি ডৰাৰ বাবে এজাক বৰষুণে শেষ ভৰষা হৈ পৰিব। সেয়ে চৰকাৰৰ আশা বাদ দি ভগৱানকে কাকুতি-মিনতি কৰে কৃষকে।

জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যত এখন চৰকাৰ থকাৰ পিছতোঁ কৃষকে পথাৰত পানী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে৷ কৃষকৰ সমস্যা সমাধানৰ কথা কৈ গাদী দখল কৰা চৰকাৰখনে কেইখনমান ট্ৰেক্টৰ বিতৰণ কৰি ব্যাপক প্ৰচাৰ চলাইছে যদিও যিটো কাম বেছি প্ৰয়োজন সেই কাম কৰি দেখুৱাব পৰা নাই৷ 

কাৰণ তেনে কাম কৰিবলৈ চৰকাৰৰ সৎ সাহসৰ প্ৰয়োজন হ’ব৷ অসমৰ কৃষকক এই সময়ত লাগে জলসিঞ্চন আঁচনিৰ পানী৷ কিন্তু য়োৱা ২৮ মাহত চৰকাৰে সেই কাম কৰি দেখুৱাব পৰা নাই৷ কৃষকক এটুপিও পানী যোগান ধৰিব পৰা নাই৷ জলসিঞ্চনৰ নতুন আঁচনি ৰূপায়ন কৰিব পৰা নাই পুৰণি আঁচনি মেৰামতি কৰা নাই৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে অসম-অৰুণাচল সীমান্তৰ ডিৰাকৰ বিভিন্ন এলেকাৰ পথাৰত কৃষকক পানী দিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে কৃষকে৷

কৃষি আৰু জলসিঞ্চন বিভাগৰ বাবে সীমান্তৰ কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। কৃষি পথাৰত পানীৰ অভাৱত হাল বাব পৰা নাই কৃষকে৷ চিৰাল ফাটে মেলিছে পথাৰত৷ যোৱা কেইবাদিনো ধৰি সূৰ্যৰ তাপৰ উষ্ণতা বৃদ্ধিৰ ফলত পথাৰ সমূহত বৃহৎ বৃহৎ ফাট মেলিছে৷

স্থানীয় কৃষকে অভিযোগ উত্থাপন কৰা মতে, বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলে কৃষকসকলৰ বিভিন্ন সমস্যাসমূহৰ প্ৰতি আজি পৰ্যন্ত কোনো উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে কোটি টকা ব্যয়সাপেক্ষে অসম-অৰুণাচল সীমান্তৰ চেঙেলীজান নৈত এখন শ্লুইছ গেট নিৰ্মাণ কৰিছিল যদিও একাংশ তেজ শুহি খোৱা ঠিকাদাৰ-অভিযন্তা, বিষয়াই ধনৰ লোভত নিম্ন মানৰ কাম কৰাৰ ফলত বৃহৎ অংকৰ ধন হৰলুকি কৰাৰ কৃষকে অভিযোগ কৰিছে৷ আঁচনিটোৱে আজিলৈ হলে পথাৰত পানী দিবলৈ সক্ষম হোৱা নাই৷

সম্প্ৰতি শ্লুইছ গেটখনৰ এটা অংশ বহি গৈ ফাট মেলাত খেতি পথাৰলৈ ভাবুকি কঢ়িয়াই অানিছে। পৰিবৰ্তনকামী চৰকাৰখনে দুৰ্নীতি বিৰোধী অভিযান চলাই থকাৰ সময়তে জলসিঞ্চনত চলি থকা ভয়াবহ দুৰ্নীতি তথা জলসিঞ্চনৰ ঠিকাদাৰ-বিষয়াৰ বিৰুদ্ধে হলে ব্যৱস্থা গ্ৰহণৰ বাবে সাহস কৰা নাই৷ উন্নয়নৰ জয় গান গোৱা সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ জলসিঞ্চন বিভাগৰ দ্বাৰা কৃষকসমাজ উপকৃত হ'ব পৰাকৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নে চমক সৃষ্টি কৰিয়েই সময় পাৰ কৰিব সেয়াহে চিন্তাৰ বিষয় হৈ পৰিছে কৃষকৰ বাবে৷