newsnextone.com | চাবুৱাঃ ডিব্ৰুগড়-তিনিচুকীয়া জিলাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চোৰাং কাঠৰ ব্যৱসায় চলি থকা বুলি দীৰ্ঘ দিনৰ পৰাই অভিযোগ উত্থাপন হৈ আহিছে। অৰুণাচল সীমান্তৰ পৰা নদীৰ বুকুৰ লাখ লাখ টকাৰ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহ হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে। 

ইমানে নহয় সংবাদ মাধ্যমত এই বাতৰি তথ্য সহ প্ৰকাশ পোৱাৰ পিছতোঁ বন বিভাগ তথা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাত আজিও নদীৰ বুকুত আৰু ৰাজপথেৰে অবৈধ ভাৱে এই ব্যৱসায় চলি আছে। কিন্তু জিলা দুখনৰ প্ৰশাসনে এই ব্যৱসায়ৰ বিৰুদ্ধে কেতিয়াও অভিযান নচলায়।

অভিযোগ মতে এই ব্যৱসায়ৰ সৈতে বিভিন্ন প্ৰভাৱশালী লোক জৰিত থকাৰ বাবেই প্ৰশাসনে অভিযান চলাবলৈ ভয় কৰে। কিন্তু প্ৰশাসন ব্যৱস্থা গ্ৰহণ নকৰাৰ সময়তে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযানত নামিল খোদ জাতীয় সংগঠন।

দেওবাৰে পুৱাই সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাজপথত অভিযান চলাই চাবুৱা বাইপাছত দুখন চোৰাং কাঠৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। অসম মটক যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীয়ে এখন গৰু ভৰ্তি আৰু আন এখন কাঠ ভৰ্তি ট্ৰাক আবদ্ধ কৰি পানীতোলা আৰক্ষীক চমজাই দিয়ে। 

As-01-GC-9744, As-06-BC-0109 নম্বৰ ট্ৰাকদুখনে অৰুণাচলৰ পৰা গৰু আৰু চোৰাং কাঠ কঢ়িয়াই অনিছিল। দৈনিক এনেদৰে চোৰাং কাঠৰ গাড়ী জিলা থনৰ মাজেকে পাৰ হৈ থাকে বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখেৰে কেনেকৈ এই ব্যৱসায় চলি আছে সেয়া লাখটকীয়া প্ৰশ্ন।