newsnextone.com | ডিফুঃ ডকমকা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে ডকমকা কাণ্ডক তীব্ৰ গৰিহণা দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সকলোকে সংযম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়৷

দুই যুৱকে অকালতে প্ৰাণ হেৰুওৱা কাৰ্যক ভাষাৰে বুজাব নোৱাৰা অতিশয় নিন্দনীয় কাৰ্য বুলি আক্ষেপ ভৰা মন্তব্য আগবঢ়ায় তুলিৰামে৷ অপৰাধী সদায় অপৰাধীয়েই তাৰ কোনো জাতি ধৰ্ম নাই৷ সেয়ে অভিজিৎ-নিলোৎপলৰ হত্যাকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি ফাঁচী প্ৰদান কৰি ভৱিষ্যতলৈ যাতে কোনেও তেনে কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে বাৰ্তা প্ৰেৰণ কৰিব লাগে বুলিও কয় তুলিয়ে৷ 

তুলিৰামে গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাঁৱৰ কাৰ্বি ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়া কাৰ্যৰ সৈতে যুৱ কংগ্ৰেছ জড়িত থকা বুলি গুৰুত্ৰ অভিযোগ উত্থাপন কৰে৷ পাণজুৰিত সংঘটিত ঘটনাৰ পূৰ্বে সোপাধৰাৰ গাড়ী গৈছে বুলি গাঁও খনক এগৰাকী লোকে খবৰ দিয়া বুলি দাবী উত্থাপন কৰে৷ সেই খবৰ দিয়া লোকজনো যুৱ কংগ্ৰেছৰ সদস্য বুলি জানিবলৈ দিয়ে তুলিৰামে৷ এই অভিযোগে বিশেষ গুৰুত্ব লাভ কৰিছে৷