newsnextone.com | ডিজিটেল ডেস্কঃ কথমপি ৰক্ষা পৰিল দুখন বিমানৰ প্ৰায় ৩২৮ জন যাত্ৰী৷ আকাশত টুকুৰা-টুকুৰি হোৱাৰ পাৰ কথমপি ৰক্ষা পৰিল৷ অন্তিম সময়ত ট্ৰেফিক কণ্ট্ৰোলে ৰক্ষা কৰে বিমানক দুখনক৷ যোৱা ১০ জুলাইত এই ঘটনা সংঘটিত হ’ব ধৰিছিল বাংগালুৰুৰ আকাশত৷ বিমান দুখন আছিল ইণ্ডিগোৰ৷ 

ইণ্ডিগোৰ এখন বিমান কোয়েম্বাটৰ পৰা হায়দৰাবাদলৈ আৰু আন খন বিমান গৈছিল বাংগালুৰুৰ পৰা কোচিলৈ৷ হায়দৰাবাদলৈ যোৱা বিমানত ১৬২ জন আৰু কোচিলৈ যোৱা বিমানত আছিল ১৬৬ জন যাত্ৰী৷ এটা সময়ত মাথো ২০০ ফুটৰ ব্যৱধানত উৰিব ধৰিছিল দুয়োখন বিমান৷ পৰস্পৰে মাথো ২০০ ফুটৰ ব্যৱধানত উৰিবলৈ ধৰাত ট্ৰেফিক কণ্ট্ৰোলৰ এলাৰ্ম বজাতহে ৰক্ষা পৰে দুয়োখন বিমান৷ আনহাতে ট্ৰেফিক কণ্ট্ৰোল লগে লগে পাইলটক সতৰ্ক কৰি দিয়াতহে ৰক্ষা পৰে দুয়োখন বিমান৷ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে এয়াৰক্ৰাফ্ট ইনভেষ্টিগেচন বোৰ্ডে৷