newsnextone.com | মোৰাঝাৰঃ যোৱা ২৪ ঘণ্টা ধৰি দি থকা নেৰানেপেৰা বৰষুণ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো বহু ঠাই প্লাৱিত হয়৷ বিভিন্ন ৰাস্তা-ঘাটত পানী উঠাৰ লগতে পথাৰ সমূহো প্লাৱিত হৈ পৰা৷ 

তাৰ মাজতে এটি পৰিয়ালৰ দুটি সন্তান পথাৰত জমা হোৱা পানীত ডুব যায় মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ জিলাখনৰ  হোজাই আৰক্ষী থানাৰ অন্তৰ্গত ৱাৰীগেডিং অঞ্চলত এই ঘটনা সংঘটিত হয়। হায়ং গাঁও পঞ্চায়তৰ সভাপতি সুশীল মল্লিকৰ সাত বছৰীয়া কন্যা বিউটি মল্লিক আৰু তিনি বছৰীয়া কন্যা পূৰ্ণিমা মল্লিক বুধবাৰে দুপৰীয়া প্ৰায় ২ মান ঘৰৰ সমীপৰ পথাৰত খেলিবলৈ যায়৷ 

পিছত বহু সময়লৈ ঘৰলৈ নহাত দুই বিচাৰ-খোচাৰ কৰে পৰিয়ালে৷ বিচাৰ-খোচাৰ কৰাত পথাৰৰ পানীত উপঙি থকা প্ৰত্যক্ষ কৰে৷ পথাৰত খেলি থাকোতেই পানীত ডুব গৈ  মৃত্যুক আকোৱালি লোৱাৰ সন্দেহ কৰা হৈছে৷

ততাতৈয়াকৈ যোগীজান প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় পোৱাৰ আগতেই পূৰ্ণিমা মল্লিক, বিউটি মল্লিকে শেষ নিশ্বাস ত্যাগ কৰে। যোগিজান আৰক্ষীয়ে নিহত শিশু দুটাৰ মৃতদেহ আৰক্ষীক নিবলৈ নিদি মৰণোত্তৰ পৰীক্ষা নকৰাৰ সিদ্ধান্ত কৰাৰ বিষয়ে লিখিত পত্ৰ যোগে উল্লেখ কৰে। দুই শিশুৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।