newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ দুই সংগঠনৰ ব্যতিক্ৰমী প্ৰয়াস। বৰ্তমানৰ নতুন প্ৰজন্মক মুকাভিনয়ৰ সৈতে চিনাকী কৰি দিয়াৰ উদ্দেশ্যে সংগঠন দুটাই এক মুকাভিনয় কৰ্মশালাৰ অনুষ্ঠিত কৰে। গ্ৰীষ্ম বন্ধ উপলক্ষে ওদালগুৰিৰ জাগৰণ গোষ্ঠী আৰু ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত ১০ জুলাই তাৰিখৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে ওদালগুৰি গোলমাগাওঁ হাইস্কুল প্ৰাঙ্গণত এই কৰ্মশালা অনুষ্ঠিত হয়।

কৰ্মশালাৰ সৈতে সংগতি ৰাখি দেওবাৰে একেটা স্থানতে এক সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত ওদালগুৰিৰ বিভিন্ন বিশিষ্ঠ তথা সাংস্কৃতিক জগতৰ সৈতে জড়িত লোক উপস্থিত থাকিব। উল্লেখ্য যে, বিগত ১০ জুলাইৰ পৰা অনুষ্ঠিত কৰ্মশালাত প্ৰতিদিনে প্ৰশিক্ষক হিচাপে উপস্থিত থাকে পাঠশালাৰ মুকাভিনয় শিল্পী ধ্ৰুৱজ্যোতি তালুকদাৰ।

প্ৰায় ৬০গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান দেওবাৰে গোলমাগাঁও হাইস্কুল প্ৰাংগনত দিনৰ দুই বজাত অনুষ্ঠিত হ’ব। সংগঠন দুটাৰ এনে পদক্ষেপক ওদালগুৰিৰ বিভিন্নজনে প্ৰসংশা কৰে৷ য আনহাতে প্ৰশিক্ষকসকলে কয় যুৱক-যুৱতীসকলে অসমৰ বিভিন্ন মঞ্চত মুকাভিনয় কৰিবলৈ সাজু বুলি কয়৷