newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন-২০১৮ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এক উলিওৱা হয়। স্বচ্ছ ভাৰত অভিযান হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই ঐতিহাসিক পদক্ষেপ।

স্বচ্ছতাৰ মূল্যায়নৰ অৰ্থে দেশৰ প্ৰতিখন জিলাতেই অনুষ্ঠিত কৰি থকা হৈছে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন-২০১৮ কাৰ্যসূচী। ওদালগুৰিতো জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়িত হৈ যায়। 

স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা কাৰ্যসূচীত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিটিচিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে। ভাষণ প্ৰসঙ্গত তেওঁ উপস্থিত ৰাইজক স্বচ্ছতাৰ ক্ষেত্ৰত অধিক সচেতন হবলৈ আহ্বান জনাই স্বচ্ছতাৰ দ্বাৰা আমাৰ শৰীৰ সুস্থ থাকে বুলিও উল্লেখ কৰে। 

ইয়াৰোপৰি তেওঁ স্বচ্ছতা সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ মাজতে স্বচ্ছতা সম্পৰ্কত নাটক আৰু সংগীত পৰিৱেশন কৰা হয়।কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, এমচিএলএ ৰিপেন দৈমাৰীৰ লগতে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লোক।