newsnextone.com | লংকাঃ উৎকট গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰম সহিব নোৱাৰি শুকুৰবাৰে কোকৰাঝাৰত এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী জোৱান চিকিৎসাধীন হ’বলগীয়া হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌয়াওঁতেই হোজাই জিলাৰ লংকাত এগৰাকী লোকে গৰম সহিব নোৱাৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, শনিবাৰে লংকাৰ উদালিত প্ৰচণ্ড গৰমৰ বাবে আব্দুল কুদ্দুছ নামৰ এজন লোকৰ মৃত্যু হয়। প্ৰচণ্ড গৰমৰ বাবে অচেতন হৈ পৰা লোকজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আকোৱালি লয়।