এক লক্ষ্য লৈ তেওঁলোকে এক কণ্টকময় পন্থাত খোজ দিছে। ঘৰ-সংসাৰ এৰি অৰণ্যত দিন কটাইছে। এওঁলোকো মানৱীয় গুণেৰে তেজ-মঙহৰ মানুহ। এওঁলোকৰো আছে আনন্দ-বিষাদ, আৱেগ-গ্লানি। তেওঁলোকেও সপোন দেখে ন-সূৰুজৰ, নৱ-বৰ্ষৰ নৱ-প্ৰভাতৰ। 

তেওঁলোক আমাৰেই আপোন ককাই-ভাই, অথচ তেওঁলোকে যেন আমাৰ পৰা বহু যোজন দূৰত অৱস্থান কৰিছে।

নৱ-বৰ্ষ আদৰিছে আলফা স্বাধীনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন আন নিষিদ্ধ গোটৰ কেডাৰসকলে।