anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুনৰ আট্টালিকা খহি এজন লোকৰ মৃত্যু হৈছে। গাজিয়াবাদৰ মচুৰিত নিৰ্মিয়মান এটা আট্টালিকা খহি পৰাত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত এজন লোকৰ মৃত্যু হয়। চৰকাৰে মৃত্যু হোৱা লোকজনক এক লাখ টকা আৰু আহতক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰে। 

ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ঘটনাৰ তদন্ত ঘোষণা কৰিছে। দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। আৰক্ষীয়ে ইতিমধ্যে ৭ গৰাকী লোকক আটক কৰিছে। 

চাৰিটা উদ্ধাৰকাৰী দলে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে।এতিয়াও কেইবাগৰাকী লোকক ভিতৰত আবদ্ধ হৈ আছে বুলি কয় উদ্ধাৰকাৰী দলে। জানিব পাৰ মতে, যিটো এলকাত আট্টালিকা খহি পৰিছে সেই এলেকাত আট্টালিকা নিৰ্মাণ কৰা নিষেধ কৰা হৈছিল। কিন্তু তাৰ পিছতোঁ আট্টালিকা নিৰ্মাণ কৰা হৈছিল।ৰেলৱে উৰণীয়া সেঁতুৰ সমীপতে ৫ মহলীয়া আট্টালিকা খহি পৰে। ভিতৰত শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। এই কাণ্ড সংঘটিত হোৱাৰ পিছতে জীৱন্তে ৬ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ মাজত এগৰাকী ২ বছৰীয়া শিশু আছিল। বৰ্তমানে আবদ্ধ হৈ থকা লোকৰ ভিতৰত এটা পৰিয়ালৰ এগৰাকী ৮ বছৰীয়া কিশোৰ আৰু পিতৃগৰাকী আবদ্ধ হোৱাৰ লগতে মাতৃক উদ্ধাৰ কৰা হৈছে।