newsnextone.com | অভয়াপুৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে। ক্ৰমাগত ভাবে পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ বিৰুদ্ধে বুধবাৰে সমগ্র অসমতে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ তুলুঙীয়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি বিজেপি চৰকাৰ মুৰ্দাবাদ, পেট্ৰলিয়াম মন্ত্ৰী হায় হায়, পেট্ৰল-ডিজেলৰ দাম শীঘ্ৰে হ্ৰাস কৰক আদি বিভিন্ন শ্লগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক জ্যোতি শংকৰ ৰায় উপস্থিত থকাৰ লগতে আঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকি ইন্ধনজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়।