তেজপুৰঃ আজি তেজপুৰত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিজয় কুমাৰ সিং৷ ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত ‘নয়া ভাৰত হম কৰকে ৰেহেংগে’ শীৰ্ষক অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে৷

তেজপুৰৰ নেহৰু ময়দানত আজিৰ পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। শোনিতপুৰ জিলা উপাযুক্ত মনোজ কুমাৰ ডেকাৰ পৌৰাহিত্যত অনুষ্ঠিত উদ্ধোধনী সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বিজয় কুমাৰ সিঙে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে প্ৰকাশ কৰে।