শিলচৰঃ কাছাৰ জিলাৰ বড়খলা অঞ্চলৰ গাওঁ এখন জাহ গ’ল নদীত৷ প্ৰত্যেক বছৰে হোৱা খহনীয়াৰ ফলত নন্দীগ্ৰাম নামৰ গাওঁখনৰ এক তৃতীয়াংশই এতিয়া জাহ গৈছে নৈৰ বুকুত৷ গাওঁৰ লোকসকলে বিষয়টো সন্দৰ্ভত কেইবাবাৰো চৰকাৰৰ অৱগত কৰিছে যদিও চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নাই কৰা বুলি অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে৷

আজি পুনৰ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰি সংগঠণে বিষয়টোৰ সন্দৰ্ভত  জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা প্ৰৰ্দশণ কৰাৰ লগতে এক স্মাৰকপত্ৰও প্ৰদান কৰে৷ আনহাতে  যদিহে আগষ্টৰ ভিতৰত সমস্যাৰ সমাধান নহয় বৃহত্তৰ আন্দোনল গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে৷