newsnextone.com | নলবাৰীঃ নলবাৰীৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বাহঁজানী যজ্ঞভূমি অঞ্চলৰ কেইবাটাও যাতায়াত ব্যস্ত গ্ৰাম্য পথ জৰাজীৰ্ণ হৈ পৰিছে। বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰ, বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিৰ লগতে দুবছৰীয়া পৰিবৰ্তনকামী চৰকাৰ, জনপ্ৰতিনিধি সকলকো ৰাইজে জৰাজীৰ্ণ পথ সমূহ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। 

তেনে এটা গুৰুত্বপূৰ্ণ পথ হৈছে জিলাখনৰ দক্ষিণ প্ৰান্তৰ বাহঁজানী যজ্ঞভূমি পূজাৰ খোলাৰ পৰা জানিগোগ হৈ  চান্দুকুছিলৈ যোৱা গড়কাপ্তানী পথ সংলগ্ন পথচোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰি আছে। উল্লেখ্য যে, উক্ত পথটোৰে যজ্ঞভূমি বজাৰ, গোপালথান যজ্ঞভূমি আদৰ্শ সংস্কৃতি টোল, যজ্ঞভূমি আদৰ্শ জাতিয় বিদ্যালয়, সমবায় এখনকে ধৰি কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠানলৈ অহা-যোৱাৰ বাবে এই পথটো অন্যতম হিচাপে বিবেচিত। 

তথাপিও কৰ্তৃপক্ষই কোন ব্যৱস্থা লোৱা নাই। আনকি সদ্য কাৰ্যকাল সমাপ্ত স্থানীয় জিলা পৰিষদৰ সদস্যা চপলা ৰাজবংশী মেধি, পঞ্চায়ত সভাপতি জিন্টু মল্ল বুজৰবৰুৱা, আঞ্চলিক সদস্যা মঞ্জু ডেকা, গাঁও সভাৰ সদস্যা নমিতা দেৱীক আবেদন নিবেদন কৰিও সুফল নাপালে। অৱশেষত আজি অঞ্চলটোৰ সচেতন যুৱক হৃষীকেশ শৰ্মা, সঞ্জীৱ ডেকা, প্ৰশান্ত ডেকা, নৱ ডেকা, হিৰণ্য শৰ্মা, ৰিংকু তালুকদাৰ, ৰাজু শৰ্মা, নয়ন মণি শৰ্মা, ধ্ৰুৱ ডেকা আৰু পুলকেশ শৰ্মা, কমল শৰ্মা, প্ৰতুল ডেকা আৰু হৰজৌতি শৰ্মাৰ নেতৃত্বত তথা নিজৰ লগতে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি পথটো মেৰামতি কৰে আৰু চৰকাৰ, জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

তেওঁলোকে কয় যে, এনে পৰিবৰ্তনৰ কথা আওৰালে কি হ’ব যদি সুফল ৰাইজে উন্নয়ন-বিকাশেৰে লাভ নকৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি পথটো নিৰ্মাণৰ ব্যৱস্থা হাতত নলয়, পঞ্চায়ত নিৰ্বাচনত শাসক দলক উচিত জবাব দিব বুলিও অঞ্চলটোৰ ৰাইজে মত প্ৰকাশ কৰে।