ডিজিটেল ডেস্কঃ ফ’ৰ্বছৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ল বিৰাত কোহলীৰ৷ বিশ্বৰ আটাইতকৈ বেছি টকা পোৱা খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কোহলী৷ ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা ১০০ জন খেলুৱৈৰ তালিকাত কোহলীৰ স্থান ৮৯৷

আনহাতে তালিকাখনৰ শীৰ্ষত আছে ক্ৰিষ্টিয়ান’ ৰণাল্ডো৷ আলোচনীখনে কোহলীক ভাৰতীয় ক্ৰিকেটৰ অসাধাৰণ ব্যাক্তি বুলিও আখ্যা দিছে৷ খেলুৱৈজনৰ বছৰি আয় হৈছে প্ৰায় ৩৯০ কোটি৷ আইপিএলৰ সৰ্বাধিক মুল্য লাভ কৰা খেলুৱৈসকলৰ ভিতৰত বিৰাত কোহলী অন্যতম৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ চলিত বৰ্ষত খেলুৱৈজনে লাভ কৰিছে প্ৰায় ১৫ কোটি৷ উক্ত তালিকাখনত থকা আন খেলুৱৈসকল হৈছে লিয়’নেল মেছি, ৰ’গাৰ ফেডেৰেৰ, কেভিন ডুৰান্ত ইত্যাদি৷