বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বিহৰীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ দেওবাৰে নিশা বিহৰীগাঁৱৰ ঘনশ্যাম শৰ্মা নামৰ ব্যক্তিগৰাকীক কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে৷ পুৱা বাঁহবাৰীৰ মাজত ব্যক্তিগৰাকীক মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে৷ 

পিছত ঘটনাস্থলীত আৰক্ষীবাহিনী উপস্থিত হৈ ঘনশ্যাম শৰ্মাৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ 

ইতিমধ্যে ঘটনা সন্দৰ্ভত স্নিফাৰ ড’গৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ঘনশ্যাম শৰ্মাৰ হত্যাকণ্ডই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷