newsnextone.com | মৰিয়নীঃ মহিলাক সুৰক্ষিত কৰাৰ দাবীত প্ৰতিবাদ কৰিবলৈ অৱশেষত ঘৰৰ পৰা ওলাই আহিল যোৰহাটৰ মহিলা৷ ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী মহিলাই ৰেলৰ ভিতৰত ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা অহাৰ সময়তে বৃহস্পতিবাৰে ৰেল যাত্ৰাত নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত মৰিয়নীত মহিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

কংগ্ৰেছৰ কেইবাশতাধিক মহিলাই উত্তাল মৰিয়নী জংচনত প্ৰতিবাদ সাব্যস্ত কৰে নাৰীক সুৰক্ষা দিয়াত বিজেপি চৰকাৰক বিফল আখ্যা দিয়ে৷ মোডী চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নাৰীক সুৰক্ষা দিয়ক আদি শ্ল’গানেৰে মৰিয়নী জংচন উত্তাল কৰি তোলে৷ মহিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ পৰা ৰেল মন্ত্ৰী থাকোতেই ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী মহিলাই মৃত্যুক আকোৱালি লোৱা ঘটনাত চিন্তা জাহিৰ কৰি ইয়াৰ দ্বাৰা ৰেল বিভাগৰ ফোপোলা স্বৰূপটো ওলাই পৰিছে বুলি কয়৷
 
ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰীক আটক শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷ নাৰীক নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায়৷ মহিলাসকলে ৰেল যাত্ৰাত সুৰক্ষা নিশ্চিত কৰাৰ দাবীত মৰিয়নীৰ ৰাজহচক্ৰ বিষয়া মিৰজানা আহমেদৰ জৰিয়তে ৰেল বিভাগক স্মাৰকপত্ৰ প্ৰদান কৰে৷