খাৰুপেটীয়াঃ পুনৰ ৰাজ্যত সংঘটিত হ’ল বোৱাৰী হত্যাৰ ঘটনা৷ এইবাৰ দৰং জিলাৰ দলগাঁৱত এগৰাকী বোৱাৰীক জ্বলাই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জিলা খনৰ দলগাঁও থানাৰ অন্তৰ্গত খাৰপূৰি হাবি গাঁৱৰ মফিদুল ইছলাম নামৰ লোকজনৰ সৈতে নুৰেদা খাতুনে পাঁচ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল।

বিবাহৰ পিছৰে পৰা প্ৰায়েই স্বামী স্ত্ৰীৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক সংঘাতৰ। পাৰিবাৰিক অশান্তিৰ মাজতেই দুটি সন্তানৰ মাতৃ নুৰেদা খাতুন আৰু স্বামী মফিদুল ইছলামৰ সৈতে সামন্য টকাক লৈ কাজিয়াৰ সৃষ্টি হয়। যাৰ পৰিনতিত নুৰেদাই নিজা ঘৰৰ ভিতৰত সোমাই গাত কেৰাচিন ঢালি নিজৰ দেহত অগ্নি সংযোগ কৰে৷ সেই সময়ত ঘৰৰ পৰা কিছু নিলগত গছৰ তলত বহি থকা স্বামী মফিদুল ইছলামে পত্নীৰ চিঞৰ বাখৰ শুনি দৌৰি আহি পত্নীক বচাবলৈ চেষ্টা কৰে।

ঘটনাৰ উমান পাই ঘটনাস্থলীত দলগাঁও আৰক্ষীক উপস্থিত হয়। ঘটনাস্থলীত উপস্থিত হোৱা দলগাঁও থানাৰ আৰক্ষীয়ে স্বামী মফিদুল ইছলামক আটক কৰি থানালৈ আনে৷ অগ্নিদগ্ধ নুৰেদা খাতুনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু হয় নুৰেদাৰ। ইফালে নুৰেদাৰ পৰিয়ালে কৰা অভিযোগ মতে স্বামী মফিদুল ইছলামে পৰিকল্পিত ভাৱে নুৰেদাক কেৰাচিন ঢালি জ্বলাই  হত্যা কৰে। ঘটনা সম্পৰ্কত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তত ওলাই পৰিব এয়া হত্যা নে আত্মহত্যা।