newsnextone.com | লিডুঃ সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লেখাপানী, জাগুন আদি অঞ্চলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। 

একাংশ অসাধু কুখ্যাত বন মাফিয়াই আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি বন বিভাগৰ অজ্ঞাতে অব্যাহত ৰাখিছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ ৷ শনিবাৰে তিনিচুকীয়া জিলাৰ লেখাপানীৰ বন সংমণ্ডলৰ অধিনস্থ টিৰাপ নৈৰ ফুলবাৰী ঘাটৰ কাষত লুকুৱাই থোৱাৰ অৱস্থা স্থানীয় বন বিভাগে অতৰ্কিতে অভিযান চলাই প্ৰায় ১৫০ ছেপ্তি মূল্যবান চাম কাঠ জব্দ কৰিবলৈ সক্ষম হয়। 

জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকাতকৈও অধিক হব বুলি জানিব পৰা গৈছে ৷  জব্দকৃত চোৰাং কাঠ খনিৰ প্ৰকৃত  মালিক কোন সেয়া বৰ্তমানেওঁ জানিব পৰা হোৱা নাই যদিওঁ বিশেষ সুত্ৰে কাঠখিনি ডিগবৈৰ এজন বিতৰ্কিত বন মাফিয়াৰ বুলি অভিযোগ পোৱা গৈছে ৷  

 

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন, লেখাপানী, টিপং আদি অঞ্চলত এচাম অসাধু বন দুস্কৃতিকাৰীয়ে সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি বন বিভাগৰ নাকৰ আগেদিয়েই যে চোৰাং কাঠ সৰবৰাহ কৰে জব্দকৃত কাঠখিনিয়ে তাকেই প্ৰমান কৰিলে ৷