India.com
India.com

নগাঁওঃ অসমীয়াৰ বাপতি সাহোন বিহুক লৈ নানা চিন্তা-চৰ্চা, পৰীক্ষা-নিৰীক্ষা, অধ্যয়ণ তথা গৱেষণা আদি যিমানেই বাঢ়িছে, অবাঞ্চিতভাৱে বিতৰ্কৰ মাত্ৰাও সিমানেই বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ বিতৰ্কবোৰৰ ভিতৰত মুকলি বিহু পৰিবেশনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া বিতৰ্কই পাৰ হৈ যোৱা দিনবোৰত একপ্ৰকাৰে তীব্ৰ জোকাৰণিৰেই সৃষ্টি কৰিছে৷

সেয়ে জাতীয় উৎসৱটিক লৈ উদ্ভৱ হোৱা এনে জোকাৰণিৰ প্ৰতি লক্ষ্য ৰাখি নৃগোষ্ঠীয় অধ্যয়ণ আৰু গৱেষণা কেন্দ্ৰই উক্ত গুৰুত্বপূৰ্ণ বিষয়টিৰ ওপৰত এক তত্ত্বগধূৰ আলোচনাৰ জৰিয়তে সৰ্বজন গৃহীত এক সিদ্ধান্তত উপনীত হোৱাৰ মানসেৰে 'মুকলি বিহুৰ পৰিবেশন শৈলী, এক আলোকপাত' শীৰ্ষক বিষয়ৰ সন্দৰ্ভত এখন মনোজ্ঞ আলোচনাচক্ৰৰ আয়োজন কৰিছে৷

ৰাজ্যৰ ভালেকেইজন বিশিষ্ট গৱেষক-পণ্ডিতৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰখন অহা ১৫ অক্টোবৰত পুৱা ১০ বজাৰ পৰা গুৱাহাটী মহানগৰৰ দিশপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব বুলি আহ্বায়কদ্বয় পদুম প্ৰসাদ শইকীয়া আৰু ড০ দ্বিপেন দাসে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে৷ 

বিহুক মনে-প্ৰাণে ভালপোৱা সৰ্বস্তৰৰ লোককে  আলোচনাচক্ৰখনত উপস্থিত থাকিবৰ বাবে আহ্বায়কদ্বয়ে কৰযোৰে আমন্ত্ৰণ জনাইছে৷ সদাশয় ব্যক্তিসকলে আলোচনাচক্ৰখনৰ বিষয়ে সবিশেষ জানিব বিচাৰিলে ৯৪৩৫৩-৬৭৪৩৭,৮০১১১-১৭২৮৯,৯৭০৭৫-৯১৫৭০ আৰু ৭০৮৬৭-৬৪৭৭৯ নম্বৰত যোগাযোগ কৰিব পাৰিব৷