জাজৰিঃ কৃষকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে নগাঁও জিলাৰ জাজৰিৰ খালৈগাঁৱত অনুষ্ঠিত হয় ৩ দিনীয়ে প্ৰশিক্ষণ শিবিৰ৷ অসম ৰাজ্যিক কো-অপাৰেটিভ ইউনিয়নৰ উদ্যোগত আৰু নগাঁও জিলা দুগ্ধ উৎপাদন কো-অপাৰেটিভ ইউনিয়নৰ সহযোগত অনুষ্ঠিত হয় নেতৃত্বৰ উন্নয়ন সম্পৰ্কীয় ৩ দিনীয়া প্ৰশিক্ষণ।

যোৱা ৫ অক্টোৱৰৰ পৰা অনুষ্ঠিত শিবিৰ ৭ অক্টোৱৰত সামৰণি পৰে৷ ৩০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে শিবিৰত। প্ৰশিক্ষাৰ্থী সকলক বিভিন্ন বিষয়ৰ অৰ্থাৎ নেতৃত্বৰ কাৰ্যদক্ষতা আৰু উন্নত পদ্ধতিৰে প্ৰশিক্ষণৰ জৰিয়তে নিজক তথা সমাজ আৰু দেশক উপকৃত কৰাৰ বিষয়ে আহ্বান জনায়।

 প্ৰশিক্ষনত জুনিয়ৰ কো-অপাৰেটিভ প্ৰশিক্ষন কেন্দ্ৰ গুৱাহাটীৰ অধ্যক্ষ খনিন্দ্ৰ ফুকন, পশু চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি বৰা, অসম কো-অপাৰেটিভ ইউনিয়নৰ জেষ্ঠ অৱসৰ প্ৰাপ্ত বিষয়া লক্ষীৰাম বৰা, নগাঁও দুগ্ধ উৎপাদন সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপ, স্থানীয় সমাজকৰ্মী মুকুণ্ড বৰা উপস্থিত থাকে।